leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

অৱশেষত পৰিশ্ৰমৰ ফল পালে দেৰগাঁৱৰ দুই যুৱকে।

আনৰ চেলুনত কাম কৰি লাভ কৰিলে চৰকাৰী চাকৰি।

দেৰগাঁৱৰ দুই যুৱকৰ পৰিয়ালত আনন্দৰ বন্যা। সদ্যঘোষিত চতুৰ্থ বৰ্গৰ আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল পিছতেই দেৰগাঁৱৰ দুয়োজন যুৱকৰ পৰিয়াললৈ নামিল আশাৰ ৰেঙণি।

আনৰ চেলুনত কাম কৰি পৰিয়াল পোহপাল দি আহিছিল যুৱক দুজনে। কেইবাটাও বছৰ বজাৰে-বজাৰে আৰু আনৰ চেলুনৰ দোকানত কৰ্মৰত হৈ জীৱন নিৰ্বাহ কৰি আহিছিল ১নং হাঁহছৰা গাঁৱৰ যুৱক কৌশিক দাস আৰু দক্ষিণ দলিজলীয়া গাঁৱৰ উত্তম দাসে।নিজৰ কৰ্মত জড়িত থাকি দুয়োজন যুৱকে মনত পুহি ৰাখিছিল চৰকাৰী চাকৰি হেঁপাহ। সময় উলিয়াই অব্যাহত ৰাখিছিল অধ্যয়ন।

অৱশেষত কৌশিক আৰু উত্তমৰ সপোন যেন সফল হ’ল। স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী চাকৰি লাভ কৰাত এতিয়া আনন্দ লাভ কৰা লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৌশিক দাস আৰু উত্তম দাসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.