অসমবন্যপ্ৰাণী

ঢেকীয়াজুলিত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস, গোহালিতে বাঘে নিধন কৰিলে চাৰিটা ভেড়া ছাগলী

এই ঘটনাই নহয়, কিছুদিনৰ আগতে বাঘটোৱে বৰছলাৰ নিছলামাৰীত দুটা গৰু আৰু ছাগলী নিধন কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাস

জনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস। হাতী, গঁড়, ভালুকৰ পিছতেই ৰাজ্যত এতিয়া বাঘৰ আতংক। দেওবাৰে পুৱাই বাঘে নিধন কৰিলে পশুধন।

এই ঘটনা সংঘটিত হৈছে বৰছলাত৷ বৰছলাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে মাধৱ সৰকাৰ নামৰ লোকজনৰ ঘৰৰ গোহালিত সোমাই বাঘে নিধন কৰিলে চাৰিটাকৈ ভেড়া ছাগলী৷ এই ঘটনাই নহয়, কিছুদিনৰ আগতে বাঘটোৱে বৰছলাৰ নিছলামাৰীত দুটা গৰু আৰু ছাগলী নিধন কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাস।

উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে ঢেকীয়াপতীয়া বাঘটো৷ স্থানীয় লোকৰ অভিযোগ, বাঘটোৰ সন্ত্ৰাসত জীৱন, সম্পত্তিৰ নিৰাপত্তা নাইকীয়া হৈছে অঞ্চলটোৰ ৰাইজৰ৷ এটা বাঘে বাৰে-বাৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি এটাৰ পিছত আনটো জীৱ-জন্তু হত্যা কৰি অহাৰ পিছতো বনবিভাগে বাঘটো পিঞ্জৰাবদ্ধ নকৰাত ক্ষুব্ধ হৈ পৰিছে গাওঁবাসী ৷ শীঘ্ৰেই বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বনবিভাগক আহ্বান জনায় স্হানীয় লোকসকলে৷ ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈছে যদিও বাঘটো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে, পৰৱৰ্তী সময়ত বাঘ ধৰিবলৈ বন বিভাগ সক্ষম হ’বনে নহয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.