Educationঅসমআমেৰিকাপৰিৱেশপ্ৰযুক্তিবিজ্ঞানবিশ্ব

বিশ্বৰ দৰবাৰত উজ্বলিল অসমীয়া যুৱতীঃ কৰিলে ৮টা তৰাৰ আৱিষ্কাৰ

বিশ্বৰ দৰবাৰত উজ্বলিল এগৰাকী অসমীয়া যুৱতী। অসমকন্যাৰ সফলতাক লৈ সম্প্ৰীতি চৰ্চা চলিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

বিশ্বৰ দৰবাৰত উজ্বলিল এগৰাকী অসমীয়া যুৱতী। অসমকন্যাৰ সফলতাক লৈ সম্প্ৰীতি চৰ্চা চলিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত।

বজালী জিলাৰ পাটাৰকুছিৰ যুৱতী বৰ্ণালী দাসৰ সফলতা। সফলতাক লৈ এতিয়া গৌৰৱাম্বিত সমগ্ৰ ৰাজ্য। পুনেস্থিত Tata Institute of Fundamental Research ৰ National Center for Radio Astrophysics ত Dr. Poonam Chandra ৰ তত্বাৱধানত গৱেষণা কৰি বৰ্ণালীয়ে ইতিমধ্যে আৱিষ্কাৰ কৰিছে সূৰ্যতকৈ উত্তপ্ত ৮টা তৰাৰ বিশেষ ধৰ্মৰ কথা।

সম্প্ৰীতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৮টা তৰা আৱিষ্কাৰক লৈ প্ৰকাশ কৰা বাতৰিক নাকচ কৰি বৰ্ণালীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, “সংবাদ মাধ্যমত প্ৰচাৰ চলি থকা ৮টা তৰাৰ আৱিষ্কাৰ কৰাটো ভূল ধাৰণা। এই তৰা কেইটাৰ অৱস্থিতিৰ কথা বহুত আগতেই মানুহে জানিছিল। মই এই তৰা কেইটাৰ বিশেষ ধৰ্মহে আৱিষ্কাৰ কৰিছো। লেজাৰৰ দৰে ৰেডিঅ’ তৰংগ বিকিৰণ কৰিব পৰা ক্ষমতা আছে এই তৰা কেইটাৰ। Main Sequence Radio Pulse Emitter চমুকৈ MRP ৰ অন্তৰ্ভুক্ত এই তৰা সমূহ। ইতিমধ্যে ২০১৮,১৯ বৰ্ষত এনে আন ৩টা তৰা আৱিষ্কাৰ হৈছিল। এতিয়ালৈকে মুঠ ১১টা এনে তৰা আৱিষ্কাৰ হৈছে। যি ধৰ্মৰ বাবে এটা তৰা MRPৰ অন্তৰ্ভুক্ত হয় সেইয়া বিৰল বুলি যোৱা দুই দশক ধৰি মানুহ, গৱেষক সকলৰ মনত থকা MRPৰ ধাৰণাক সলনি কৰিলে এই আৱিষ্কাৰে। ইয়াৰ পৰিৱৰ্তে বিশেষ পদ্ধতিৰে সঠিক সময়ত সঠিক কম্পনাংকৰে ইয়াক পৰ্যবেক্ষণ কৰা হয়।”

বজালীৰ মেধাৱী ছাত্ৰী বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে আনন্দিত সমগ্ৰ বজালীবাসী।

উল্লেখ্য যে, মহাকাশৰ ৰহস্য ভেদ, গ্ৰহ-নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ জানুৱাৰী মাহত সুদূৰ আমেৰিকালৈ উৰা মাৰিব বৰ্ণালী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Back to top button