শ্ৰেণীবিহীন

ব্লাড গ্ৰুপৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান লোকক ম’হে বেছিকৈ কামোৰে। কোনসকল লোকক জানেনে!

ডাঙৰ চেহেৰাৰ লোকক কিয় ম'হে বেছিকৈ কামোৰে!

কিছুমান মানুহক ম’হে তুলনামূলকভাৱে বেছিকৈ কামোৰে। কিয় এনে হয় জানেনে? এক গৱেষণাত পোৱা গৈছে যে, ম’হে কিছুমান নিৰ্দিষ্ট গ্ৰুপৰ তেজ বিশেষকৈ পছন্দ কৰে। এডিছ ম’হৰ পছন্দ O ব্লাড গ্ৰুপৰ তেজ। কিন্তু এনোফেলিছ ম’হৰ পছন্দ AB গ্ৰুপৰ তেজ। ম’হে বহু দূৰৰ পৰাই কাৰ্বন ডাই অক্সাইডৰ সন্ধান পায়। চেহেৰাত যিসকল দেখিবলৈ ডাঙৰ তেওঁলোকৰ শৰীৰৰ পৰা স্বাভাৱিকতে অধিক কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয়। সেয়ে এওঁলোকক ম’হে বেছিকৈ কামোৰে। মুখ আৰু নাকৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ হয় বাবেই মূৰৰ ওপৰত ম’হে আগুৰি ধৰা দেখা যায়। ম’হে নানা ধৰণৰ গোন্ধ পায়। তাৰোপৰি ঘামৰ পৰা নিৰ্গত এম’নিয়া, লেকটিক এচিডৰ গোন্ধ পায় ম’হে। অতিৰিক্ত পৰিশ্ৰমৰ ফলত শৰীৰ গৰম হয় আৰু লেকটিক এচিড তৈয়াৰ হয়। ঘামৰ গোন্ধৰ ওপৰতো নিৰ্ভৰ কৰে কাক ম’হে বেছি কামোৰে। যিসকলে বেছি ঘামে তেওঁলোকৰ বহু দূৰৰ পৰা সন্ধান পায় ম’হে।

 

গৰ্ভৱতী মহিলাসকলকো ম’হে বেছিকৈ কামোৰে। কাৰণ তেওঁলোকৰ শৰীৰ তুলনামূলকভাৱে বেছি গৰম থাকে। গৱেষণাত পোৱা অনুসৰি, বিয়েৰ খোৱা লোকসকলৰ প্ৰতি ম’হ বেছিকৈ আকৰ্ষিত হয়। এজন লোকৰ ছালত কি পৰিমাণৰ বেক্টেৰিয়া আছে তাৰ ওপৰতো নিৰ্ভৰ কৰে ম’হে কামোৰাতো। য’ত বেক্টেৰিয়া বেছি তাৰ প্ৰতি ম’হ অধিক আকৰ্ষিত হয়। সেইবাবে ভৰি আৰু গোৰোহাত ম’হে অধিক কামোৰে। পোছাকৰ ওপৰতো বহু পৰিমাণে এয়া নিৰ্ভৰ কৰে। ক’লা বা অন্যান্য গাঢ় ৰঙৰ পোছাক যিসকলে পিন্ধে তেওঁলোকক ম’হে আগুৰি ধৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.