অসমআঞ্চলিক

শীঘ্ৰেই বন্ধ হ’ব ৰাজ্যৰ ৩৪খনকৈ বিদ্যালয়! ক’ত ক’ত বন্ধ হ’ব বিদ্যালয়?

ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ

ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ‘শূন্য প্ৰদৰ্শন’ অৰ্থাৎ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাৰ পঞ্জীয়ন হোৱাৰ পাছত বিদ্যালয়সমূহৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত শূন্য উত্তীৰ্ণ শতাংশৰ সৈতে থকা ৩৪ খন চৰকাৰী/প্ৰাদেশিককৃত বিদ্যালয় আৰু ৫৭ খন স্বীকৃত ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।

উল্লেখযোগ্য যে, ২০২২ চনৰ ১৭ জুলাইত এক পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে মাধ্যমিক শিক্ষা বিভাগক শেহতীয়াকৈ হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ ফলাফল দেখুওৱা বিদ্যালয়সমূহ চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত আন বিদ্যালয়সমূহৰ সৈতে একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। মাধ্যমিক শিক্ষা বিভাগে বিদ্যালয়ৰ সংমিশ্ৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূন্য শতাংশ; ৰাজ্যত অতি সোনকালে বন্ধ হ’ব ৩৪খন বিদ্যালয়৷

বন্ধ হ’বলগীয়া বিদ্যালয়সমূহৰ ভিতৰত আছে কাছাৰ জিলাত ৫ খন, চিৰাং জিলাত ১ খন, দৰং জিলাত ১ খন, ধুবুৰী জিলাত ২ খন, ডিব্ৰুগড় জিলাত ১ খন, গোৱালপাৰা জিলাত ২ খন, গোলাঘাট জিলাত ১ খন, হাইলাকান্দি জিলাত ১ খন, যোৰহাট জিলাত ৫ খন, কামৰূপ জিলাত ১ খন, কাৰ্বি আংলং জিলাত ৭ খন, কোকৰাঝাৰ জিলাত ১ খন, লখিমপুৰ জিলাত ২ খন, নগাঁও জিলাত ২ খন, নলবাৰী জিলাত ১ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১ খন বিদ্যালয় হ’ব বন্ধ বুলি জানিব পৰা গৈছে। বন্ধ হ’বলগীয়া বিদ্যালয়সমূহক আন বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব। আনহাতে, শূন্য উত্তীৰ্ণৰ শতাংশ থকা ৫৭ খন স্বীকৃত ভেঞ্চাৰ বিদ্যালয়েও এতিয়া নিজৰ ‘স্বীকৃতি’ হেৰুৱাব লাগিব। এনে বিদ্যালয়বোৰৰ ভিতৰত যোৰহাট জিলাত ৬ খন, কামৰূপ আৰু নগাঁও জিলাত ৫ খনকৈ, ডিব্ৰুগড় আৰু হোজাই জিলাত ৪ খনকৈ, বাক্সা, বঙাইগাঁও, কাৰ্বি আংলং, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ৩ খনকৈ; চৰাইদেউ, গোলাঘাট, কামৰূপ-এম, মাজুলী, নলবাৰী জিলাত ২খনকৈ আৰু বৰপেটা, কাছাৰ, ধুবুৰী, ডিমা হাচাও, গোৱালপাৰা, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও আৰু গাঁও জিলাত এখন বন্ধ হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button