অপৰাধভাৰত

বিয়াত বহিবলৈ অস্বীকাৰ কৰাৰ বাবে ১৮ বাৰ চুৰিকাঘাত কৰিলে যুৱকে

দীৰ্ঘদিনৰ পৰা তেওঁলোকে মাজত চলি আছিল প্ৰেমৰ সম্পৰ্ক

এগৰাকী যুৱতীয়ে বিয়া হ’বলৈ অস্বীকাৰ কৰাৰ পিছত প্ৰেমিকে ১৮ বাৰকৈ কৰিলে চুৰিকাঘাত। এই কাণ্ডই বুধবাৰে জোকাৰি গৈছে সমগ্ৰ হায়দৰাবাদ।
অভিযুক্তই কৰা দাবী অনুসৰি, তেওঁ যুৱতীগৰাকীৰ প্ৰেমিক আছিল। তেওঁ প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পিছত আক্ৰমণ কৰিছিল।
ঘটনাটো বৃহত্তৰ হায়দৰাবাদৰ অন্তৰ্গত ৰাচাকোণ্ডা আয়ুক্তালয়ৰ এলবি নগৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত হস্তিনাপুৰমৰ সংঘটিত হৈছে।
যুৱতী আৰু প্ৰেমিক যুৱকজন দুয়ো বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা তেওঁলোকে মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল।
উল্লেখ্য যে, ভুক্তভোগী চিৰিশা নামৰ যুৱতীগৰাকী মুমুৰ্খ অবস্থাত চিকিৎসালয়ত অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু অভিযুক্ত বৰ্তমানে আৰক্ষীৰ জিম্মাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 8 =

Back to top button