অসমআঞ্চলিকদৈনিক বাতৰি

গোৱালপাৰাৰ ভিন্ন প্ৰান্তত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা, কাৰ ছত্ৰছায়াত চলি আছে অবাধ বনধ্বংসযজ্ঞ?

গোৱালপাৰাৰ ভিন্ন প্ৰান্তত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা, কাৰ ছত্ৰছায়াত চলি আছে অবাধ বনধ্বংসযজ্ঞ?

গোৱালপাৰা জিলাৰ  ভিন্ন প্ৰান্তত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে নিতৌ নতুন কৌশলেৰে চলাই গৈছে চোৰাং কাঠৰ ব্যৱসায়।

ইয়াৰ মাজতে এক গোপন সূত্ৰৰ পম খেদি ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া আৰু বন কৰ্মীৰ দলে  সিধাবাৰীত হঠাৎ অভিযান চলাই দুটা অবৈধ কাঠ ফলা কল উৎখাট কৰিবলৈ সক্ষম হয়। লগতে বৃহৎ পৰিমাণৰ শাল আৰু চেগুন গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে কাঠ ফলা কলৰ কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম নহল বন কৰ্মীৰ দলে। ইপিনে খেৰোপাৰা বনাঞ্চলত শাল গছ কাটি থকাৰ সময়তে চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে জড়িত এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

তিনি জনীয়া দল এটাই শাল গছ কাটি থকাৰ সময়তে বনকৰ্মীৰ দলে এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও দুজন দৌৰি পলাবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত চলি আছে অবাধ বনধ্বংসযজ্ঞ? প্ৰশাসনকো কেৰেপ নকৰে নেকি এইসকল অসাধু বন মাফিয়াই!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.