ভাৰত

ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক সুঁৱৰি-ৰাষ্ট্ৰীয় একতা দিৱস

২০১৮ চনত পেটেলৰ জন্মবাৰ্ষিকীৰ দিনটোত, লৌহ মানৱক সন্মান দিয়াৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত উদ্বোধন কৰে ১৮২ মি. উচ্চতাৰ বল্লভভাই পেটেলৰ মূৰ্তি। এই মূৰ্তিটোক 'Statue of Unity'বুলি জনা যায়।

আজি ৰাষ্ট্ৰীয় একতা দিৱস। প্ৰতিবৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে পালন কৰা হয় এই দিৱস। ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীৰ দিনটোত সমগ্ৰ দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস।

ভাৰতৰ একত্ৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বল্লভভাই পেটেলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সদস্য আছিল পেটেল। বল্লভভাই পেটেলে স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল।

ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত এই মহান ব্যক্তিজনৰ অৱদানক সুঁৱৰি গৃহমন্ত্ৰী অমিত শ্বাহে ২০১৪ চনত ঘোষণা কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰাৰ কথা। সেই অনুযায়ী ২০১৪ চনৰ পৰা প্ৰতিবছৰৰ ৩১ অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।

২০১৮ চনত পেটেলৰ জন্মবাৰ্ষিকীৰ দিনটোত, লৌহ মানৱক সন্মান দিয়াৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত উদ্বোধন কৰে ১৮২ মি. উচ্চতাৰ বল্লভভাই পেটেলৰ মূৰ্তি। এই মূৰ্তিটোক ‘Statue of Unity’বুলি জনা যায়।

পেটেলৰ জন্মদিনটোত ভাৰতৰ ইতিহাসলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানৰ বিষয়ে সকলোৰে মাজত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button