অসমদুৰ্ঘটনা

মুমূৰ্ষ অৱস্থাত ৰহস্যজনকভাবে উদ্ধাৰ চালক, তাৰ পাছত….

মুমূৰ্ষ অৱস্থাত এগৰাকী চালকক অতি দুৰ্গম স্থানৰ পৰা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰঙত

মুমূৰ্ষ অৱস্থাত এগৰাকী চালকক অতি দুৰ্গম স্থানৰ পৰা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰঙত৷

দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বছাচুবা গাঁৱৰ পৰেশ নাথ নামৰ চালক গৰাকীয়ে নিজৰ মালবাহী গাড়ীৰ সৈতে যাত্ৰা কৰিছিল গুৱাহাটীৰ পৰা ডিফুলৈ। কিন্তু দুষ্ট চক্ৰই ভাড়া কৰি নিয়া গাড়ীখনৰ চালক পৰেশ নাথক মাৰধৰ কৰাৰ উপৰিও খাদ্যবস্তুৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি লৈ যায় নাগালেণ্ডলৈ৷ নাগালেণ্ডৰ ডিমাপুৰ আৰক্ষী থানাৰ এলেকাত যুৱকজনক পেলাই থৈ দূৰ্বৃত্তই লৈ যায় মালবাহী গাড়ীখন। তেনে সময়তে নাগালেণ্ডৰ স্থানীয় একাংশ লোকে মুমুৰ্ষ অৱস্থাত ৰাষ্টাৰ দাঁতিত পৰি থকা অৱস্থাত চালক পৰেশ নাথক দেখা পাই আৰক্ষীক খবৰ কৰে। ইয়াৰ পিছতে যুৱকজনৰ গৃহভূমি ছিপাঝাৰ আৰক্ষীয়ে ৰাওনা হয় নাগালেণ্ডলৈ৷

নাগালেণ্ড আৰক্ষীৰ পৰা ছিপাঝাৰ আৰক্ষীয়ে পৰেশ নাথক চমজি লৈ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ইফালে বৰ্তমানলৈ পৰেশ নাথৰ মালবাহী বাহনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। ঘটনাত বৃহৎ গেং জড়িত থকাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.