অৰ্থনৈতিকজীৱনশৈলী

সোণ কিনিব বিচাৰিছে যদি খৰধৰ কৰক, কিয়নো হ্ৰাস পালে সোণৰ মূল্য…

ভাৰতীয় বজাৰত মঙলবাৰৰ পৰা সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে

সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে পলম নকৰিব। কিয়নো সোণ কিনিব বিচৰা সকলৰ বাবে আছে এক সুখবৰ আৰু সোণালী সুযোগ।

হ্ৰাস পাইছে সোণৰ মূল্য। ভাৰতীয় বজাৰত মঙলবাৰৰ পৰা সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে । মঙলবাৰে দিল্লীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫ টকা হ্ৰাস পাইছে । আনহাতে, ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ২৮৭ টকালৈ হ্ৰাস পাইছে।

দিল্লীত প্ৰতি ১০গ্ৰাম সোণৰ মূল্য হৈছে ৪৭,১৫৩ টকা। পূৰ্বে ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৭,১৫৮ টকা। আনহাতে, প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৬৪,৪৫৩ টকা । পূৰ্বে প্ৰতি কেজি ৰূপৰ মূল্য আছিল ৬৪,৭৪০ টকা ।

আন্তঃৰাষ্ট্ৰীয় বজাৰতো হ্ৰাস পাইছে সোণৰ মূল্য। মঙলবাৰে, COMEXত উপলব্ধ সোণৰ মূল্য ০.২৭ শতাংশলৈ হ্ৰাস পায়।

মঙলবাৰে, গুৱাহাটী মহানগৰত ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৯,৫৯৫ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 16 =

Back to top button