Socialজীৱনশৈলী

পুৱাই শুই উঠি এইকেইটা কাম কৰাৰ অভ্যাস গঢ়ি তোলক, এই অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰিব আপোনাক

সময় হৈছে এক বহুমূলীয়া সম্পদ। প্ৰত্যেকদিনাই মূল্যৱান সময় উপভোগ কৰাৰ লগতে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। দিনটোৰ বাবে কৰিবলগীয়া কামৰ বাবে পুৱাৰ ভাগতেই আহৰণ কৰিব লাগে শক্তি। সেয়েহে সকলোৱে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

প্ৰতিটো দিনেই সুন্দৰকৈ উদযাপন কৰিবলৈ সকলোৰে মন যায়। দিনটোত কামৰ ব্যস্ততা থাকিলেও পুৱাৰ পৰা সকলো কাম সুচাৰুৰূপে কৰাৰ অভ্যাস বহুতৰে আছে। পুৱাই শোৱাপাটী এৰি কামত নিয়োজিত হোৱাটো হৈছে প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰৰ কাহিনী।

তথ্য অনুসৰি পুৱা সোনকালে শুই উঠা লোকসকল হৈছে সফল ব্যক্তি। জীৱনত আপুনি যদি সফল হোৱাৰ বাবে আশা কৰিছে, তেন্তে পুৱা এইকেইটা অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰক-

১) পুৱা এঘন্টা আগতীয়াকৈ উঠক:
গৱেষণা অনুসৰি পুৱা সোনকালে শোৱাপাটী এৰা লোকসকল যথেষ্ট যোগাত্মক চিন্তাধাৰাৰ আৰু আশাবাদী হয়। যিকোনো জটিল পৰিস্থিতিতো নিজৰ বিবেকেৰে কাম কৰিব পাৰে এইসকল লোকে।

২)যোগাসন:
দৈনিক সোনকালে উঠি যোগাসনৰ অভ্যাস কৰিব লাগে। নিজাববীয়াকৈ কিছু সময় গোটাই ক্ষন্তেক সময় ধ্যানত বহি জীৱনৰ লক্ষ্য আৰু এই লক্ষ্য প্ৰাপ্তিৰ বাবে কৰণীয় কামৰ কথা ভাবিব লাগে। দিনটোৰ বাবে কৰিবলগীয়া কামৰ কথাও এই সময়তে ভাবিব লাগে। পুৱাৰ ভাগত দুই মিনিট সময়ো মনৰ মাজতে কিবা এটা কথা ভাবিলে মানুহৰ মনটো অধিক শক্তিশালী হয়।

৩)পুৱাৰ আহাৰ গ্ৰহণ:
সময় হৈছে এক বহুমূলীয়া সম্পদ। প্ৰত্যেকদিনাই মূল্যৱান সময় উপভোগ কৰাৰ লগতে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। দিনটোৰ বাবে কৰিবলগীয়া কামৰ বাবে পুৱাৰ ভাগতেই আহৰণ কৰিব লাগে শক্তি। সেয়েহে সকলোৱে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

৪)উদ্দেশ্যধৰ্মী মন্ত্ৰ:
কি কথাই আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে, সেয়া সদায় ভাবিব লাগে। জীৱনত কৰিব বিচৰা কামবোৰৰ এখন তালিকা বনাই সদায় সেই কথা বাৰে-বাৰে আওৰাব লাগে। যিয়ে কাম কৰাত অধিক অনুপ্ৰেৰণা যোগাব।

৫)অনুশীলন:
পুৱাই উঠি ব্যায়াম কৰিলে শৰীৰ সুস্থ হৈ থাকে। নিজৰ পথত অহা যিকোনো সমস্যাকে হেলাৰঙে অতিক্ৰম কৰিবলৈ সহায় কৰে ব্যায়াম, অনুশীলনে।

৬)নিৰৱতা:
পুৱা সোনকালে শুই উঠি সূৰ্যোদয়, চৰাইৰ কিচিৰ-মিচিৰ মাত শুনি প্ৰকৃতিৰ মাজত ক্ষন্তেক নিৰৱভাৱে কটালে দিনটোৰ বাবে পোৱা যায় এক ঐশ্বৰিক শক্তি। যি শক্তিয়ে যোগাত্মক চিন্তা-ধাৰাৰে দিন পাৰ কৰাত সকলোকে যথেষ্ট সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button