Socialঅসমউৎসৱখাদ্যদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকমনোৰঞ্জনসংস্কৃতি

আজি টাই আহোমৰ পৰম্পৰাগত উৎসৱ মে ডাম মে ফি! কিয় পালন কৰা হয় এই উৎসৱ

এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়

আজি মে ডাম মে ফি। মে ডাম মে ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়।
এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ’-কাম বোলা হয় তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।

টাই-আহোমসকলৰ এইটো এটা জন বিশ্বাস যে, পূৰ্ব্ব পুৰুষসকলে মৃত্যুৰ পিছত ’ডাম-ফী’ মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি-জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই-আহোমসকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। ঘৰত বিয়া-বাৰু পতাৰ সময়ত, বিহু আদি উত্সৱত আৰু খেতি চপাই ন-খাওঁতে টাই-আহোমসকলে পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পূজা কৰে। ঘৰুৱাকৈ পতা এনে পূজাক ‘মৃতকক দিয়া পূজা ’ বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ-মঙহৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসৰ্গা কৰা হয়। মৃতক সকলৰ জৰিয়তে দেৱ-দেৱতা আৰু পৰমেশ্বৰলৈও প্ৰাৰ্থনা জনোৱা হয়। টাই-আহোমসকলে বিশ্বাস কৰে যে, দেৱ-দেৱতাসকলক পূৰ্ব্ব পুৰুষৰ যোগেদিহে পাব পৰা যায়। প্ৰয়াত পূৰ্ব্ব পুৰুষৰ আত্মাই গৃহ-দেৱতাৰ ৰূপত পৰিয়ালৰ জীৱিত সদস্যসকলক সুৰক্ষা প্ৰদান কৰে। মৃতকক কৰা পূজাৰ সন্দৰ্ভত কোৱা হয়’ – “গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও নাখায়, আনকি যমেও নিবলৈ ভয় খায়।”

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

four × four =

Back to top button