দুৰ্ঘটনা

ভয়ংকৰ! নিয়ন্ত্ৰণহীন বাছে খুন্দিয়ালে ১৭ খন বাহন, থিতাতে নিহত ৬জন

এখন নিয়ন্ত্ৰণহীন বৈদ্যুতিক বাছে ১৭ খন বাহনত খুন্দা মাৰে। ঘটনাস্থলীত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে এক ডজনৰো অধিক লোক আহত হয়

কানপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

দেওবাৰে নিশা তাত মিল চৌৰাহাৰ চাৰিআলিৰ ওচৰত এখন নিয়ন্ত্ৰণহীন বৈদ্যুতিক বাছে ১৭ খন বাহনত খুন্দা মাৰে। ঘটনাস্থলীত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে এক ডজনৰো অধিক লোক আহত হয়। আহতলোক কেইজনৰ অৱস্থা গুৰুতৰ হোৱা বুলি জানিব পৰা। অৱশ্যে ই-বাছখনৰ চালকজন পলাই যায়।
প্ৰাপ্ত তথ্য অনুসৰি, বৈদ্যুতিক বাছখন দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত তীব্ৰ গতিত ঘন্টাঘৰ চাৰিআলিৰ পৰা তাতমিল অভিমুখে গৈ আছিল।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তাত থকা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। দুৰ্ঘটনাটোত কেনেদৰে সংঘটিত হ’ল সেয়া স্পষ্ট নহয় যদিও দুৰ্ঘটনাটোত তিনিখন গাড়ী আৰু বহুতো বাইক নষ্ট হয়। বাছৰ চালকজন এতিয়াও পলাতক।
মৃত লোককেইজনৰ ভিতৰত তিনিজনক চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত লাটুশ ৰোডৰ বাসিন্দা ২৬ বছৰীয়া শুভম সোনকাৰ, ২৫ বছৰীয়া টুইঙ্কল সোনকাৰ আৰু বেকংগানজৰ বাসিন্দা ২৪ বছৰীয়া আৰ্চালান বুলি জানিব পৰা গৈছে।

ইফালে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই টুইটাৰযোগে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। “কানপুৰত এটা পথ দুৰ্ঘটনাৰ দুৰ্ভাগ্যজনক খবৰ পাইছো। মৃতকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। দুৰ্ঘটনাটোত আহতসকলৰ দ্ৰুত আৰোগ্যহোৱাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো,”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.