Social

দৰাক লাগে ফৰ্চুনাৰ, কইনাৰ ঘৰে দিলে ৱেগনাৰ! ফৰ্চুনাৰ নাপাই দৰায়ে ভাঙিলে বিয়া!

বিয়া বাতিল কৰাৰ কাৰণ জানিলে আচৰিত হ’ব আপুনি?

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এগৰাকী চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাই চলিত মাহৰ ৩০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিয়া বাতিল কৰিছে। বিয়া বাতিল কৰাৰ কাৰণ জানিলে আচৰিত হ’ব আপুনি? কইনাৰ পৰিয়ালে যৌতুক হিচাপে ফৰ্চুনাৰ গাড়ী এখন দিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰবক্তা দৰাই বিয়া বাতিল কৰিছে। কইনাৰ পৰিয়ালে ৱেগেনাৰ গাড়ী এখন বুকিং কৰিছিল, কিন্তু দৰাৰ তাত মন নভৰিল। ৱেগেনাৰ গাড়ী দিব বুলি গম পাই প্ৰবক্তাজনে খং কৰি মোবাইলৰ পৰা ছোৱালীজনীলৈ মেছেজ দি বিয়া ভঙাৰ কথা ঘোষণা কৰে।

মহাবিদ্যালয়ৰ প্ৰবক্তাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু যৌতুক আইনৰ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

প্ৰবক্তাগৰাকীৰ ঘৰ গাজিয়াবাদৰ বিজয় নগৰৰ সিদ্ধাৰ্থ বিহাৰত। ২০২২ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে দৰা-কইনাৰ পৰিয়াল দুয়োটাৰে সাক্ষাৎ হয়, তাৰ পিছত ২০২২ চনৰ ১৯ ​​জুনত বাগদান অনুষ্ঠান অনুষ্ঠিত হয়। দীঘলীয়া আলোচনাৰ পাছত দুয়োটা পৰিয়ালে ২০২৩ চনৰ ৩০ জানুৱাৰীত বিবাহৰ সহমতত উপনীত হয়। ২০২২ চনৰ ১০ অক্টোবৰত মহিলাগৰাকীৰ পৰিয়ালে দৰাৰ বাবে উপহাৰ হিচাপে এখন ৱেগেনাৰ বুকিং কৰে। ইয়াৰ পিছত দৰা পৰিয়ালৰ এজন সদস্যই কইনাৰ ঘৰলৈ আহি ৱেগেনাৰৰ সলনি ফৰ্চুনাৰ দাবী কৰে। অৱশ্যে কইনাৰ পৰিয়ালে নাকচ কৰে তেওঁৰ দাবী। ইয়াৰ পিছত কইনাৰ পিতৃয়ে লিখা এফআইআৰ অনুসৰি যোৱা ২৩ নৱেম্বৰত যৌতুকৰ লোভত প্ৰবক্তাগৰাকীয়ে বিবাহ ভাঙি পেলায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button