Covid-19অসম

কৰ’ণাৰ দ্বিতীয় ঢৌ! ক’ত কিমান আক্ৰান্ত হ’ল শিশু

ক’ভিড-১৯ৰ পৰা সুৰক্ষিত নহয় শিশু

সোমবাৰে অসমৰ স্বাস্থ্য কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ১৮ বছৰৰ তলৰ ৩৪,৬০৬ টা শিশু ক’ভিড-১৯ দ্বাৰা সংক্ৰমিত হৈছে।

অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনে ১  এপ্ৰিলৰ পৰা কোভিড১৯-ৰ ২,৮০,৫০৪ টা ঘটনা নথিভুক্ত কৰিছে যদিও ইয়াৰে ৫,৭৫৫  টা ঘটনা ৫ বছৰৰ তলৰ শিশুৰ, ২৮,৮৫১ টা ঘটনা ৬ ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুৰ আছিল।

কামৰূপ (মেট্ৰ’পলিটান)ত এপ্ৰিল মাহৰ পৰা ৫৩৪৬ টা শিশু ক’ভিডত আক্ৰান্ত হোৱা ঘটনা নথিভুক্ত হৈছিল। আৰু সেই সময়ত জিলাখনত ক’ভিডত আক্ৰান্তৰ সংখ্যা আছিল ৫৩,২৫১টা। অৰ্থাৎ ক’ভিডত আক্ৰান্ত শিশুৰ হাৰ আছিল ১০.০৪%। তাৰোপৰি, ডিব্ৰুগড় ২৪৩০ জন, নগাঁও ২২৮৮ জন, কামৰূপ(গ্ৰাম্য)ত ২০২৩জন আৰু শোণীতপুৰত ১৮৩৯ জিলাত জন শিশু কোভিড১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে।

আনহাতে, ৰাজ্যখনে এপ্ৰিল পৰা কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু হোৱা শিশু সংখ্যা ৩৪ টা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button