Assamnationalnorth eastpoliticalঅসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত অনুমতি মণিপুৰ চৰকাৰৰ

অহা ১৪ জানুৱাৰীত মণিপুৰ পূৱ ইম্ফল জিলাৰ কংজেইবাঙৰ পৰা আৰম্ভ হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত অনুমতি দিলে মণিপুৰ চৰকাৰে। অহা ১৪ জানুৱাৰীত মণিপুৰ পূৱ ইম্ফল জিলাৰ কংজেইবাঙৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা। এই যাত্ৰাত মণিপুৰ চৰকাৰে কংগ্ৰেছক পূৱ ইম্ফল জিলাৰ পৰা সীমিত সংখ্যক অংশগ্ৰহণৰীৰে যাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

উল্লেখ্য যে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি লাভ কৰা নাই বুলি সদৰি কৰিছিল। আৰু তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি অৱগত কৰে যে, কংজেইবাঙ খেলপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাবে অনুমতি বিচাৰি আঠ দিন পূৰ্বে চৰকাৰৰ ওচৰত আবেদন জনাইছিল কংগ্ৰেছে। এনে অভিযোগৰ মাজতে আজি পূৱ ইম্ফল জিলা দণ্ডাধীশৰ কাৰ্যালয়ে কংগ্ৰেছক যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰে।

ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱাৰীত মণিপুৰ পৰা আৰম্ভ হৈ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৫ খন জিলাৰ ৬৫০০ কিলোমিটাৰ অতিক্ৰম কৰিব। এই যাত্ৰাই মণিপুৰ পৰা নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.