অসম

মাজুলীত অঘটন, কৰ্কট ৰোগীয়ে বুকুত ধৰি চোঁচৰাই নিলে ঠিকাদাৰক, পিছে কিয়?

পিছে আজি তিনি বছৰে উক্ত ধনৰাশি কিৰণ নাথক ইদিন দিম সিদিন দিম বুলি আজিলৈকে নিদিয়াত ক্ষুদ্ধ হৈ কিৰণ নাথে শুকুৰবাৰে, উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতে আগুচি ধৰে নৃপেন দাসক ।

মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অথন্তৰ। কৰ্কট ৰোগীয়ে বুকুত ধৰি চোঁচৰাই নিলে ঠিকাদাৰক। প্ৰাপ্য ধন নিদিয়াৰ বাবেই উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এজন ব্যক্তি। টকাৰ অভাৱত কৰ্কট হাস্পতালৰ দুৱাৰ মুখৰ পৰা উভতিব লগা হৈছে বহুবাৰ। বিগত তিনিবছৰে পাবলগীয়া ধন ঠিকাদাৰে নিদিয়াৰ অভিযোগ কিৰণ নাথ নামৰ লোকজনৰ।

 

মাজুলীৰ গড়মূৰত মুন্না আহমেদ নামৰ ঠিকাদাৰ গৰাকীৰ এটা ঠিকাভিত্তিক কামৰ বাবে কাঠ আৰু বাঁহ যোগান ধৰিছিল কিৰণ নাথ নামৰ মাজুলীৰ পুৰণিবাৰী গাঁৱৰ লোকজনে। আহমেদৰ কামৰ চোৱাচিতাৰ দায়িত্বত থকা নৃপেন দাস নামৰ লোক জনে নাথক দিব লগীয়া আছিল এক লাখ চল্লিছ হাজাৰ টকা । পিছে আজি তিনি বছৰে উক্ত ধনৰাশি কিৰণ নাথক ইদিন দিম সিদিন দিম বুলি আজিলৈকে নিদিয়াত ক্ষুদ্ধ হৈ কিৰণ নাথে শুকুৰবাৰে, উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতে আগুচি ধৰে নৃপেন দাসক ।

 

উল্লেখ্য যে, কৰ্কট ৰোগত আক্ৰান্ত কিৰণ নাথে প্ৰতি মাহে কেম’ থেৰাপি লৈ থাকিব লগীয়া হৈছে। প্ৰতিটো থেৰাপিটে ব্যয় হয় প্ৰায় ৩২ হাজাৰ টকা । এনে সংকট মুহূৰ্তটো পাব লগা টকা কেইটা নিদিয়াত নাথে ধৈৰ্য হেৰুৱাই নৃপেন দাসক টানি গড়মূৰ আৰক্ষী স্থানলৈ লৈ যায় কিৰণ নাথে। এজন ৰোগীৰ পৰা এনেদৰে ধন আত্মসাত কৰা উক্ত ঠিকাদাৰক কঠোৰ শাস্তিৰ দিয়াৰ লগতে পাব লগীয়া ধনৰাশি পোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰত্যক্ষদর্শীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.