AssamCulture

দুৰ্গা পূজাৰ পূৰ্বে কিয় পালন কৰা হয় মহালয়া, জানো আহক…

শাৰদী ৰাণীক আদৰিবলৈ সাজু সকলো।

কাইলৈ মহালয়া। ধৰালৈ নামিব দাক্ষায়নী। সকলো সাজু হৈছে মহিষমৰ্দিনীক আদৰাৰ বাবে। ১৫ দিনৰ পিত্ৰপক্ষৰ অন্তত আৰম্ভ হ’ব দেৱীপক্ষ। মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয়। তাৰ পাছৰ পৰাই দবা, শংখ আদি ধ্বনিৰে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্য। দেৱীৰ বোধনেৰে আৰম্ভ হ’ব শান্তিস্বৰূপিনী মহামায়াৰ আৰাধনা।

অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামিব শক্তিৰূপিনী মা দুৰ্গা। দেৱী দুৰ্গাৰ এই মহোৎসৱ উদযাপনৰ বাবে ৰাজ্যত প্ৰবল উছাহ–উদ্দিপনা। মহালয়াৰ দিনটোৰ পৰাই দুৰ্গা পূজাৰ প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। হিন্দু ধৰ্ম অনুসৰি মহালয়াত স্বয়ং দেৱী–দেৱতা পূজাৰ বাবে জাগ্ৰত হয়।

আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথিত হয় মহালয়া। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়াৰ বিভিন্ন অনুষ্ঠানৰ কৰা হৈছে আয়োজন। চৌপাশ মাতৃ বন্দনাৰে মুখৰিত হৈ পৰিছে। শাৰদী ৰাণীক আদৰিবলৈ সাজু হৈছে সকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.