অসমধৰ্মীয়ধাৰ্মিকভাৰত

আজি মহা শিৱৰাত্ৰি, আজিৰ দিনটো হিন্দুসকলৰ মাজত কিয় ইমান গুৰুত্বপূৰ্ণ?

আজি মহা শিৱৰাত্ৰি। হিন্দু ধৰ্মৰ লোকৰ বাবে বিশেষ ধৰ্মীয় উৎসৱ

আজি মহা শিৱৰাত্ৰি। হিন্দু ধৰ্মৰ লোকৰ বাবে বিশেষ ধৰ্মীয় উৎসৱ। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিবছৰে ফাগুণ মাহত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।

আজিৰ দিনটোত জীৱনৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ বাবে মহাদেৱক স্মৰণ কৰে। শিৱৰাত্ৰীৰ দিনা ভক্তই উপবাসে থাকি শিৱৰ আৰতি পাঠ কৰে আৰু ওৰে ৰাতি সাৰে থাকি ভক্তি আৰাধনাত বিলিন হয়। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়।

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটিৰ আৰম্ভণিৰ তাৰিখ জনা নাযায় যদিও অতীতৰ পৰা চলি অহা বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা।

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।
মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।

এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজোৰাহো, পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়। নাট্য শাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি, বা “নৃত্যৰ জৰিয়তে উপাসনা” বোলা হয়। একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.