AssamInternationalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

লোহিত সাগৰত য়েমেনৰ হুডী সন্ত্ৰাসবাদীয়ে মালবাহী জাহাজ অপহৰণৰ নাটকীয় দৃশ্য পোহৰলৈ আহিছে, সন্ত্ৰাসবাদীৰ বডীকেমত বন্দী হোৱা অপহৰণৰ সময়ৰ শিহৰণকাৰী দৃশ্য মুকলি কৰি দিছে হুডী সন্ত্ৰাসবাদী গোটটোৱে

লোহিত সাগৰত য়েমেনৰ হুডী সন্ত্ৰাসবাদীয়ে মালবাহী জাহাজ অপহৰণৰ নাটকীয় দৃশ্য পোহৰলৈ আহিছে। ইৰাণৰ পৃষ্ঠপোষকতা থকা হুডী সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ জাহাজ বুলি ভুলবশত উক্ত জাহাজখন অপহৰণ কৰিছিল। তুৰ্কীৰ পৰা ভাৰত অভিমুখী গেলেক্সী লিডাৰ নামৰ জাহাজখন অপহৰণৰ বাবে হেলিকপ্টাৰেৰে জাহাজখনৰ ডেকত অৱতৰণ কৰিছিল মাৰণাস্ত্ৰৰে সুসজ্জিত সন্ত্ৰাসবাদীৰ দলে। সন্ত্ৰাসবাদীৰ বডীকেমত বন্দী হোৱা অপহৰণৰ সময়ৰ শিহৰণকাৰী দৃশ্য মুকলি কৰি দিছে হুডী সন্ত্ৰাসবাদী গোটটোৱে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইচে কেনেকৈ সন্ত্ৰাসবাদীয়ে জাহাজত অৱতৰণ কৰি জাহাজকৰ্মীসকলক পণবন্দী সজাইছে। নাবিককে ধৰি ২৫জন জাহাজকৰ্মীক বন্ধক বনাই হুডী সন্ত্ৰাসবাদীয়ে। দেওবাৰৰ এই ঘটনাৰ পিছত অতি গুৰুত্বপূৰ্ণ এই সাগৰীয় পথৰ নিৰাপত্তাক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। যদিও জাহাজখন ইজৰাইলৰ বুলি ‍ভাবি য়েমেনৰ ইৰান মদতপুষ্ট হুডী সন্ত্ৰাসবাদীয়ে হাইজেক কৰে, প্ৰকৃততে জাহাজখন ব্ৰিটিছ মালিকনাধীনহে। জাহাজখন পৰিচালনা কৰে জাপানৰ প্ৰতিষ্ঠান এটাই। জাহাজখনৰ সামান্য অংশৰ মালিকীস্বত্বহে আছে ইজৰাইলৰ সবাতোকৈ ধনী ব্যক্তি আব্ৰাহাম ৰামী উনগাৰৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 5 =

Back to top button