অসমখেলদৈনিক বাতৰিবিশ্বভাৰত

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে নিৰ্বাচন কৰিলে অসম গৌৰৱ লাভলিনাক…

সৰ্বাধিক ভোট লাভ কৰি অধ্যক্ষ আৰু ভোটিং সদস্য হিচাপে নিৰ্বাচিত লভলিনা বৰগোহাই

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে ২৫ মে’ত অনুষ্ঠিত কৰা নিৰ্বাচনত লভলিনা বৰগোহাইয়ে সৰ্বাধিক ভোট লাভ কৰি অধ্যক্ষ আৰু ভোটিং সদস্য হিচাপে নিৰ্বাচিত হয়। আনহাতে এই নিৰ্বাচনতে আইবিএৰ এথলীটছ কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হয় বস্কাৰ শিৱ থাপা।

অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ গৌৰৱান্বিত লভলিনা বৰগোহাই।

এই খবৰে উতফুল্লিত কৰিছে অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীক। লাভলিনাৰ আশা, এতিয়াৰ পৰা ভাৰতীয় বক্সিং, বিশেষকৈ মহিলা বক্সিংক বিশ্ব দৰবাৰত প্ৰতিস্থিত কৰাত সহায় কৰিব।

খেলুৱৈ সকলক অভিনন্দন জনাই কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে টুইটযোগে দুয়োগৰাকী বস্কাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, ২০২১ চনৰ অক্টোবৰ আৰু ২০২২ চনৰ মে’ মাহত অনুষ্ঠিত হোৱা পুৰুষ আৰু মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত অংশগ্ৰহণ কৰা বক্সাৰসকলে লভলিনা আৰু শিৱাক নিৰ্বাচিত কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.