Socialঅপৰাধ

জাহাজত ৰেভ পাৰ্টী কৰি আটক বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান…

NCBয়ে ইতিমধ্যে জব্দ কৰিছে আৰিয়ান খানৰ পুত্ৰৰ মোবাইল ফোন। অৱশ্যে, আৰিয়ানে ড্ৰাগছ সেৱন কৰেনে নকৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব।

আৰক্ষীৰ জালত বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ। ড্ৰাগছৰ সৈতে আটক কৰা হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক। শনিবাৰে নিশা এটা ৰেভ পাৰ্টীৰ পৰা আটক কৰা হৈছে কিং খানৰ পুত্ৰ আৰিয়ানক।

মুম্বাইৰ উপকূলত কৰ্দেলিয়া নামৰ ক্ৰুজ জাহাজত ৰেভ পাৰ্টী কৰা আৰিয়ানক বৰ্তমান সোধ-পোছৰ বাবে ৰখা হৈছে।
এতিয়ালৈকে আৰিয়ানৰ ওপৰত কোনো ধৰণৰ চাৰ্জ লগোৱা নাই। আন ১০ জন লোকৰ সৈতে আটক শ্বাহৰুখৰ পুত্ৰ। ক্ৰুজ পাৰ্টীৰ আয়োজন কৰাসকলৰ বাবেও চমন জাৰি কৰিছে NCBয়ে।

NCBয়ে ইতিমধ্যে জব্দ কৰিছে আৰিয়ান খানৰ পুত্ৰৰ মোবাইল ফোন। অৱশ্যে, আৰিয়ানে ড্ৰাগছ সেৱন কৰেনে নকৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

আৰিয়ান খান হৈছে অভিনেতা শ্বাহৰুখ খান আৰু গৌৰী খানৰ জ্যেষ্ঠ পুত্ৰ।

উল্লেখ্য যে, ক্ৰুজ জাহাজৰ ৰেভ পাৰ্টীলৈ দিল্লীৰ পৰা অহা তিনিজনী ছোৱালীকো আটক কৰিছে আৰক্ষীয়ে। বহু প্ৰসিদ্ধ ব্যৱসায়ীৰ জীয়ৰীও এই পাৰ্টীলৈ অহা বুলি জানিব পৰা গৈছে।

NCBৰ তথ্য অনুসৰি জাহাজখনৰ পৰা জব্দ কৰা হৈছে কোকেইন, এক্সটিচি, মেফেড্ৰোন, চাৰাছৰ দৰে নিচাসক্ত ড্ৰাগছ। বৰ্তমান নিৰীক্ষণত ৰখা হৈছে বলিউড বাদশ্বাহৰ পুত্ৰ আৰিয়ান খানক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.