অপৰাধঅসমআঞ্চলিক

সাৱধান! আপোনাৰ ATM কাৰ্ডখনো হ’ব পাৰে হেক

ATM কাৰ্ড কৌশলেৰে সলনি কৰি তিনি হেকাৰে লুটিলে ১ লাখ ১৬ হাজাৰকৈ টকা

সাৱধান! আপোনাৰ ATM কাৰ্ডখনো হ’ব পাৰে হেক
হাৰিয়ানাৰ ATM হেকাৰ দেৰগাঁও আৰক্ষীৰ জিম্মাত

দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলীপাৰত ATM কাৰ্ড হেক কৰি ৰঙাঘৰৰ আলহী হ’ল হাৰিয়ানাৰ তিনি যুৱক। দেৰগাঁও আৰক্ষীৰ জালত পৰা এই তিনি ATM হেকাৰ হৈছে সন্দীপ কুমাৰ, চনু সিং আৰু সত্যৱান।

যোৱা ২ জুলাইত বাদুলীপাৰৰ এটা ATMত প্ৰাঞ্জল গগৈ নামৰ এজন ব্যক্তিৰ ATM কাৰ্ড কৌশলেৰে সলনি কৰি তিনি হেকাৰে লুটিছিল ১ লাখ ১৬ হাজাৰকৈ টকা। প্ৰাঞ্জল গগৈ নামৰ লোকজন ATM মেচিনৰ পিছফালে ঘুৰোতেই কৌশলেৰ এই তিনি হেকাৰে সলনি কৰি লয় ATM কাৰ্ডখন। ইয়াৰ পিছতেই প্ৰাঞ্জল গগৈৰ একাউণ্টৰ পৰা হৰলুকি হয় বৃহং পৰিমানৰ ধন। হাৰিয়ানাৰ এই তিনি ATM হেকাৰ সম্প্ৰতি দেৰগাঁও আৰক্ষীৰ জিম্মাত।

কেৱল দেৰগাঁৱৰ বাদুলীপাৰতেই নহয় যোৰহাটকে আদি কৰি বিভিন্ন ঠাইত সন্ত্ৰাস চলাই আহিছিল এই তিনি চোৰে। যোৰহাট থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই কাজিৰঙাৰ কহঁৰাৰ পৰা গ্ৰেপ্তাৰ কৰে এই তিনি হেকাৰক। ইয়াৰ পিছতেই ওলাই পৰিছে ইটোৰ পিছত সিটোকৈ কাহিনী । হেকাৰকেইটা বৰ্তমান দেৰগাওঁ আৰক্ষীৰ জিম্মাত, জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.