আন্তঃৰাষ্ট্ৰীয়বিশ্বমনোৰঞ্জন

ফটো দেখি এলিয়েন বুলি নাভাবিব! এই গ্ৰহৰে এইবিধ আচহুৱা প্ৰাণী…

শেহতীয়াকৈ সাগৰত এটা অনন্য প্ৰাণী দেখিবলৈ পোৱা গৈছে যাক দেখি আপুনিও আচৰিত হ'ব। এজন ৰাছিয়ান মাছমৰীয়াই এই ৰহস্যময় প্ৰাণীটো সাগৰৰ গভীৰতাত বিচাৰি পাইছে।

সাগৰৰ মাজত ৰহস্যৰ শেষ নাই। সাগৰে প্ৰায়ে অলৌকিক পৰিঘটনাৰে সীমাহীন মনোৰঞ্জন দি আহিছে।

সাগৰত নানান অতুলনীয় প্ৰাণীৰ উপৰিও বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু অন্যান্য বস্তুৰ সম্ভাৰ পোৱা যায়। জীৱবিজ্ঞানীসকলে সাগৰত সংঘটিত কাৰ্যকলাপৰ ওপৰত অহৰহ নজৰ ৰাখে। সামুদ্ৰিক জীৱৰ ওপৰত গৱেষণা কৰা বিজ্ঞানীসকলে প্ৰায়ে বিৰল প্ৰাণী আৱিষ্কাৰ কৰে, যিবোৰ দেখি মানৱ সভ্যতা আচৰিত হৈ পৰে।

শেহতীয়াকৈ সাগৰত এটা অনন্য প্ৰাণী দেখিবলৈ পোৱা গৈছে যাক দেখি আপুনিও আচৰিত হ’ব। এজন ৰাছিয়ান মাছমৰীয়াই এই ৰহস্যময় প্ৰাণীটো সাগৰৰ গভীৰতাত বিচাৰি পাইছে।

https://www.instagram.com/p/CbSmWjKMEqb/?utm_source=ig_web_copy_link

এইবিধ প্ৰাণীৰ ছবি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সামাজিৰ মাধ্যমত এই প্ৰাণীবিধক মানুহে বেবী ড্ৰেগন বুলি কৈছে।

ৰোমান ফেডৰ্টচভ নামৰ লোকজনে তেওঁৰ সংগী মেক্ৰেলৰ সৈতে মাছ ধৰিবলৈ নাৱেৰে সাগৰলৈ যাওতে আৱিষ্কাৰ কৰিছে প্ৰাণীতো। মাছমৰীয়াসকলে এই অদ্ভূত প্ৰাণীটো ধৰি আচৰিত হৈ পৰে। জীৱবিজ্ঞানীসকলে এই প্ৰাণীটোক ‘কাৰ্টিলাজিনাছ’ মাছ বুলি চিনাক্ত কৰিছে। এই মাছটোৰ আছে এ়ডাল দীঘল নেজ আৰু গাৰ বৰণ গুলপীয়া। এই অনন্য মাছৰ এখন ফটো ইতিমধ্যে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.