অসম

চানমাৰিত গ্ৰন্থৰ সুবাস, কোনকেইখন গ্ৰন্থই লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ বিপুল সঁহাৰি?

অনুষ্ঠানত উন্মোচন কৰা হৈছে প্ৰায় ১১৫খন গ্ৰন্থ।লগতে প্ৰায় ৩০০খন নতুন গ্ৰন্থ অহাৰ সম্ভাৱনা আছে গ্ৰন্থমেলাত। নতুন বছৰৰ প্ৰথম দিনটোতে ১৮ হাজাৰ লোকৰ সমাগম হয় গ্ৰন্থমেলাৰ বাকৰিত।

গ্ৰন্থপ্ৰেমীৰ আগমনেৰে মুখৰিত অসম অভিযান্ত্ৰিক খেলপথাৰ। গ্ৰন্থৰ সুবাস বিয়পিছে চানমাৰিত। প্ৰিয় লেখকৰ কিতাপ বিচাৰি চানমাৰিৰ অসম গ্ৰন্থমেলাৰ বাকৰিত ভিৰ কৰিছে গ্ৰন্থ অনুৰাগীয়ে।

২৯ ডিচেম্বৰৰ পৰা চানমাৰিত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি পঞ্চম দিন। গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিন ধৰি পঢ়ুৱৈৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে চানমাৰিত। ন-পুৰণি লেখকৰ অজস্ৰ গ্ৰন্থৰে ভৰি থকা অসম গ্ৰন্থমেলাত চতুৰ্থ দিনালৈ বিক্ৰী ১ কোটি টকাৰ গ্ৰন্থ।

চানমাৰিত গ্ৰন্থৰ সুবাস, কোনকেইখন গ্ৰন্থই লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ বিপুল সঁহাৰি?
Readers searching books in Assam book fair organized by Assam publication Board and All Assam Publishers & Book Sellers Association at Assam Engineering Institute (AEI) Playground, Chandmari in Guwahati on 31-12-21.Pix by UB Photos

অনুষ্ঠানত উন্মোচন কৰা হৈছে প্ৰায় ১১৫খন গ্ৰন্থ।লগতে প্ৰায় ৩০০খন নতুন গ্ৰন্থ অহাৰ সম্ভাৱনা আছে গ্ৰন্থমেলাত। নতুন বছৰৰ প্ৰথম দিনটোতে ১৮ হাজাৰ লোকৰ সমাগম হয় গ্ৰন্থমেলাৰ বাকৰিত।

আনহাতে, সাহিত্য অকাডেমী বঁটা লাভ কৰা অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থ ‘ইয়াত এখন অৰণ্য আছিল’ আৰু ‘লাচিত বৰফুকন’ৰ সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ২৫ হাজাৰ টিকট বিক্ৰী হৈছে গ্ৰন্থমেলাত। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আছে বিনামূলীয়া প্ৰৱেশৰ সুবিধা।

গ্ৰন্থমেলাত বিগত বৰ্ষত দহ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখ এইবৰ্ষত ভংগ কৰিব বুলি আশা কৰিছে আয়োজক সমিতিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Check Also
Close
Back to top button