অসমদৈনিক বাতৰিভাৰত

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সোমবাৰে পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰে। সুষমা স্বৰাজৰ জীয়ৰী বনচুৰী স্বৰাজে তেওঁৰ হৈ বঁটাটো গ্ৰহণ কৰে।

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সোমবাৰে পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰে। সুষমা স্বৰাজৰ জীয়ৰী বনচুৰী স্বৰাজে তেওঁৰ হৈ বঁটাটো গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰৰ লগতে অন্যান্য বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে।

সুষমা স্বৰাজে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বিভিন্ন দপ্তৰৰ দায়িত্ব পালন কৰিছিল। তেওঁ পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল আৰু ১৯৯৮ চনত চমু সময়ৰ বাবে দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীও আছিল।

হৃদৰোগত আক্ৰান্ত হৈ যোৱা বছৰ ৬ আগষ্টত এইমছত তেওঁৰ মৃত্যু হয়।

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত বছৰি ঘোষণা কৰা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ ভিতৰত পদ্মবিভূষণ বঁটা অন্যতম। বঁটাসমূহ তিনিটা শ্ৰেণীত প্ৰদান কৰা হয়: পদ্ম বিভূষণ (ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে), পদ্মভূষণ (উচ্চতৰ ক্ৰমৰ বিশিষ্ট সেৱা) আৰু পদ্মশ্ৰী (বিশিষ্ট সেৱা)।

এই বছৰ ৰাষ্ট্ৰপতিয়ে ১১৯ টা পদ্ম বঁটা প্ৰদান কৰিব। তালিকাখনত সাতটা পদ্ম বিভূষণ, ১০ টা পদ্মভূষণ আৰু ১০২ টা পদ্মশ্ৰী বঁটা আছে। বঁটা প্ৰাপ্ত সকলৰ ভিতৰত ২৯ গৰাকী মহিলা, ১৬ জনক এই সন্মান প্ৰদান কৰা হ’ব আৰু এগৰাকী ট্ৰেন্সজেণ্ডাৰেও এই বঁটা লাভ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.