SocialSocial Network

ৰঙা জোতা পিন্ধি ৰাজপথত হাঁহৰ দৌৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

'Wrinkle' নামৰ হাঁহটোৱে ৰাজপথত দৌৰাৰ ভিডিঅ' মুহূৰ্ততে ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত

ঘৰতে থাকি আপোনাৰ আমনি লাগিছে নেকি? ঘৰতে ইফাল-সিফাল কৰি যদি আপোনাৰ আমনি লাগিছে, তেন্তে ৰাতিপুৱা অথবা আবেলি দৌৰাৰ অভ্যাস কৰক। কিয়নো নিতৌ দৌৰাটো স্বাস্থ্যৰ পক্ষে যথেষ্ট লাভদায়ক। পিছে, এইবাৰ ৰাজপথত দৌৰি চৰ্চালৈ আহিছে এটা হাঁহ। দুদিন পূৰ্বে নিউয়ৰ্ক চহৰত আয়োজন কৰা মাৰাথন দৌৰত অংশ ল’লে এটা হাঁহে।

এযাৰ ৰঙা জোতা পিন্ধি মানুহৰ লগে-লগে ৰাজপথত দৌৰিছে এটা বগা হাঁহে। ‘Wrinkle’ নামৰ হাঁহটোৱে ৰাজপথত দৌৰাৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

নিউয়ৰ্কৰ পথত দৌৰি দৌৰি মাত মাতি গৈছে হাঁহটোৱে। হাঁহটোক সকলোৱে উৎসাহ জনায়। আনকি দৌৰাৰ সময়ত হাঁহটোৱে পিন্ধা ৰঙা জোতাযোৰৰ পৰাও দৃষ্টি আঁতৰাব পৰা নাছিল সকলোৱে।

‘Seducktive’ নামৰ এটা ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰা হৈছিল এই ভিডিঅ’টো। যি পোষ্টত লিখা হৈছিল, ‘মই নিউয়ৰ্কৰ মাৰাথনত দৌৰিলো। অহা বছৰ মই আৰু ভালকৈ দৌৰিম। মোক উৎসাহিত কৰা সকলো মানুহকে ধন্যবাদ’।

মাৰাথনত জীৱ-জন্তুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাটো কোনো ডাঙৰ কথা নহয়, ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়াত হোৱা মাৰাথনত অংশ লৈছিল এটা কুকুৰে। আঢ়ৈ ঘন্টাজোৰা মাৰাথানত অংশ লৈ মেডেল পাবলৈও সক্ষম হৈছিল কুকুৰটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.