অসমআঞ্চলিক

জনহিতজনসেৱাৰ্থে-জীৱনকো তুচ্ছ কৰি অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ ঢাল হৈ থিয় দিয়া ‘অসম আৰক্ষী’ৰ আজি ৭১ সংখ্যক জন্মদিন

কোনোধৰণৰ ভেদভাৱ নাৰাখি অপৰাধজনিত কাৰ্য ৰোধ কৰাৰ লগতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো হৈছে অসম আৰক্ষীৰ মূল চালিকা শক্তি। আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰি এক সুকীয়া সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো অহৰ্নিশে কাম কৰি আহিছে অসম আৰক্ষীয়ে।

সাহস, সততা, নিয়মানুৱৰ্তিতা, দায়িত্ববোধ, উৎসৰ্গা আৰু ত্যাগৰ অন্য এক নাম- অসম আৰক্ষী। স্বাৰ্থহীনভাৱে অসমৰ ৩ কোটিতকৈও অধিক জনতাক সহায় আৰু সুৰক্ষাৰ হাত আগবঢ়াবলৈ সাজু অসম আৰক্ষীৰ প্ৰতিজন সৈনিক।

অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ অৰ্থে অনবৰত থিয় দি আগবাঢ়ি যোৱা সমুখ প্ৰহৰী অসম আৰক্ষীৰ আজি জন্মদিন। যিকোনো বাধা-বিঘিনি নেওচি আগুৱাই যোৱা অসম আৰক্ষীৰ জন্মদিনটো প্ৰতি বছৰৰ ১ অক্টোবৰ তাৰিখে পালন কৰা হয়।

ৰাজ্যত শান্তি শৃংখলা বৰ্তাই ৰখাই হৈছে অসম আৰক্ষীৰ মূল উদ্দেশ্য। কোনোধৰণৰ ভেদভাৱ নাৰাখি অপৰাধজনিত কাৰ্য ৰোধ কৰাৰ লগতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো হৈছে অসম আৰক্ষীৰ মূল চালিকা শক্তি। আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰি এক সুকীয়া সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো অহৰ্নিশে কাম কৰি আহিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ ৭১ সংখ্যক জন্মদিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও জনাইছে শুভকামনা।

 

নিজৰ জীৱনকো তুচ্ছ কৰি অসমৰ ৰাইজৰ সুৰক্ষাৰ বাবে এখোজ আগবাঢ়ি থকা অসম আৰক্ষীৰ প্ৰতিজন আৰক্ষীলৈ আমিও জনাইছো আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.