অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

এৰ’মা ৰেচিডেন্সি হোটেলৰ ২০৮ নং কোঠাত কি হৈছে?

ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহৃত এখন হোণ্ডা এক্সেন্ট গাড়ী জব্দ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত তিনিচুকীয়া আৰক্ষীৰ অভিযান। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰী। তিনিচুকীয়াৰ এৰ’মা ৰেচিডেন্সি হোটেলৰ ২০৮ নং ৰুমত বাহৰ পাতি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকী মাৰ্ঘেৰিটাৰ ইলিয়াছ আনছাৰী বুলি জানিব পৰা গৈছে। ইফালে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহৃত এখন হোণ্ডা এক্সেন্ট গাড়ী জব্দ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।

জব্দ কৰা গাড়ীখনৰ ইঞ্জিনৰ ভিতৰত পলিথিনে মেৰিয়াই থোৱা অৱস্থাত ৬০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.