অপৰাধঅসম

জুৱাৰ বিৰুদ্ধে অৱ্যাহত আছে ডবকা আৰক্ষীৰ অভিযান

নৈত জপিয়াই পলায়ন জুৱাৰীৰ

জুৱাৰ বিৰুদ্ধে অৱ্যাহত আছে ডবকা আৰক্ষীৰ অভিযান।

সোমবাৰে ডবকাৰ পুৰণা বজাৰত ডবকা আৰক্ষীয়ে উচ্ছেদ কৰে এটি জুৱাৰ ঘাটি। জুৱাৰ ঘাটিৰ পৰা জব্দ নগদ ধন, জুৱা খেলৰ সামগ্ৰী , দুখন মটৰ চাইকেল, তিনিটা মোবাইল ফোন আৰু বিলাসী বাহন৷

লগতে আকবৰ আলী নামৰ এজন জুৱাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষী৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই বাকী জুৱাৰীকেইজনে কাষত থকা যমুনা নৈত জপিয়াই পলায়ন কৰে৷

উল্লেখ্য যে, ডবকাৰ পুৰণা বজাৰস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ নিচেই কাষতে জনৈক চিৰাই নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিনৰ পৰা জুৱা চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ এই জুৱাৰ ঘাটিত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ ধিং, জুৰীয়া, ৰূপহী, ডুমডুমীয়া, আদি অঞ্চলৰো জুৱাৰীয়েওঁ অংশ লৈছিল এই জুৱা খেলখনত৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.