জীৱনশৈলীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

জন্মাষ্টমী উপলক্ষে ৰাজস্থানত ২১টা টোপৰ অভিবাদন

ছছিয়েল মাধ্যমত ভাইৰেল ১ মিনিটৰ ভিডিঅ'

জন্মাষ্টমী উপলক্ষে ৰাজস্থানৰ শ্ৰীনাথজী মন্দিৰত পৰম্পৰাগতভাবে ২১টা টোপেৰে অভিবাদন জনাই মন্দিৰ কতৃপক্ষই। মন্দিৰৰ বিষয়াই প্ৰতি বছৰে ভগৱান কৃষ্ণৰ জন্ম জয়ন্তী উপলক্ষে উপবাসে থাকি জন্মাষ্টমী উদযাপন কৰে।

হিন্দু বৰ্ষপঞ্জী অনুসৰি, ভগৱান বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ জন্ম হৈছিল ভাদ্ মাহৰ অষ্টম দিনতোত। পশ্চিমীয়া কেলেণ্ডাৰ অনুসৰি আগষ্ট বা ছেপ্টেম্বৰ মাহত জন্মাষ্টমী উদযাপন হয়।

শ্ৰীনাথজী মন্দিৰৰ প্ৰশাসনে সোমবাৰে নিশা ৰাজস্থানত কৃষ্ণ জন্মাষ্টমী উপলক্ষে পৰম্পৰাগত ভাৱে ২১টা টোপৰ অভিবাদন প্ৰদান কৰাৰ ভিডিও বৰ্তমান ছছিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে।

শ্ৰীনাথজী মন্দিৰ মণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া জীতেন্দ্ৰ ওজাই কয়, “মই সকলোকে শ্ৰী কৃষ্ণ জয়ন্তীক শুভেচ্ছা জনাইছো। পৰম্পৰা অনুসৰি, আমি ২১-বন্দুকৰ অভিবাদন জনাইছো। মন্দিৰসমূহ ভক্ত আৰু সাধাৰণ ৰাইজৰ প্ৰাৰ্থনাৰ বাবে মুকলি কৰা হৈছিল।”

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + three =

Back to top button