SocialSocial Network

ইন্টাৰনেটত ভাইৰেল মুখত এমোকোৰা হাঁহি লৈ ঘূৰি ফুৰা এগৰাকী বৃদ্ধা, কাৰণ জানিলে মন ভাল লাগিব আপোনাৰো…

পুনে চহৰৰ ৰাস্তাত কলম বিক্ৰী কৰা এগৰাকী বৃদ্ধা ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। ভাইৰেল হৈ পৰা এই বৃদ্ধাগৰাকীয়ে জয় কৰিছে সকলোৰে হৃদয়

মুখত এমোকোৰা হাঁহি বিৰিঙাই ঘূৰি ফুৰা লোকসকল সকলোৰে প্ৰেৰণাৰ উৎস। যিকোনো পৰিস্থিতিতেই হাঁহিৰে জগত জিনা লোকসকলে কেৱল নিজেই সুখী হৈ থকাই নহয়, আন বহুতকে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগায়। জীৱনত হাজাৰটা অভাৱ থাকিলেও অভিযোগ নকৰি যোগাত্মক চিন্তা-ধাৰাৰে এইসকল লোকে জীৱন অতিবাহিত কৰে।

ঠিক তেনে চিন্তা-ধাৰাৰ এগৰাকী বৃদ্ধাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পুনে চহৰৰ ৰাস্তাত কলম বিক্ৰী কৰা এগৰাকী বৃদ্ধা ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। ভাইৰেল হৈ পৰা এই বৃদ্ধাগৰাকীয়ে জয় কৰিছে সকলোৰে হৃদয়।

বৃ্দ্ধাগৰাকীয়ে হাতত লৈ ফুৰা কলমৰ বাকচত লিখা আছে, ‘মই ভিক্ষা মাগিব নিবিচাৰো। অনুগ্ৰহ কৰি ১০ টকাত কলম ক্ৰয় কৰক। নীলা ৰঙৰ কলম। ধন্যবাদ, আশীৰ্বাদ কৰক।’

শিখা ৰাথী নামৰ এগৰাকী যুৱতীয়ে কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে হাঁহিমুখীয়া এই বৃদ্ধাগৰাকীৰ ফটো। পুনেৰ এম জি ৰোডত কলম বিক্ৰী কৰা ৰতনে ভিক্ষা মাগিবলৈ বেয়া পোৱাৰ বাবেই বৃদ্ধা বয়সতো এইদৰে কলম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছে। জীৱন কালত সন্মানসহকাৰে, সততাৰে জীয়াই থাকিব বিচৰা মহিলাগৰাকীৰ কলম থোৱা বাকচটোৱেই এতিয়া হৈ পৰিছে সকলোৰে প্ৰেৰণা। দয়ালু প্ৰকৃতিৰ পুনেৰ এই মহিলাগৰাকীয়ে এতিয়া হৃদয় জিনিছে বহুতৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.