Socialঅপৰাধদিল্লী

শতাধিক CCTV কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৬ বছৰীয়া কণমানিক ধৰ্ষণ কৰা অপৰাধীক…

কিন্তু বৰ্তমান কণমানিজনীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই। বৰ্তমান ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ আছে কণমানিজনী।

পুনৰ নতুন দিল্লীত ধৰ্ষণ। এইবাৰ ধৰ্ষণৰ বলি এজনী ৬ বছৰীয়া কণমানি। CCTV ফুটেজত বন্দী হ’ল ধৰ্ষণকাৰীৰ মুখ।

দিল্লীৰ ৰঞ্জিত নগৰত শুকুৰবাৰে সংঘটিত হয় এই জঘন্য কাণ্ড। নতুন দিল্লীৰ ৰঘূবীৰ নগৰৰ সুৰজ নামৰ ২০ বছৰীয়া এজন যুৱকে খাদ্যৰ প্ৰলোভনেৰে ফুচুলাই নি ধৰ্ষণ কৰে ৬ বছৰীয়া কণমানিজনীক। কণমানিজনীয়ে নিজ ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে ধৃত সুৰজে খাদ্যৰ প্ৰলোভন দি কোনো নথকা ঠাইলৈ লৈ গৈ কণমানিজনীক ধৰ্ষণ কৰে । কণমানিজনীয়ে ৰক্তাক্ত অৱস্থাত ঘৰলৈ উভতি আহোতে পৰিয়ালৰ লোক অৱগত হয় ধৰ্ষণৰ বিষয়ে।

কিন্তু বৰ্তমান কণমানিজনীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই। ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ আছে কণমানিজনী।

অৱশ্যে, ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ ৩৬ ঘন্টাৰ পিছতে অঞ্চলটোত মজুত থকা শতাধিক CCTV কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে বাচি উলিয়াবলৈ সক্ষম হয় দোষী সুৰজক। ৰোহতাকৰ পৰা Special Staff আৰু AATSই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপৰাধীক। শিশুক ধৰ্ষণ কৰাৰ অপৰাধত ধৃত সুৰজৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + seven =

Back to top button