অসমউৎসৱধৰ্মীয়ধাৰ্মিকসংস্কৃতি

নিজ হাতেৰে নিৰ্মিত দুৰ্গাৰ প্ৰতিমাৰে পূজা-অৰ্চনা কৰিলে ১২ বছৰীয়া কিশোৰে

নিজ হাতে নিৰ্মিত প্ৰতিমাৰেই কিশোৰে নিজা বাসগৃহতে কৰিব দুৰ্গা পূজা৷

তেজপুৰৰ মধ্যপাৰা নিবাসী, চেক্ৰেড হাৰ্ট স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আয়ন কুণ্ডুৰ হাতৰ পৰশত গঢ় লৈ উঠিছে দেৱী দুৰ্গাৰ অনন্য সুন্দৰ প্ৰতিমা৷

১২বছৰীয়া আয়নে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত প্ৰথম বাৰলৈ দুৰ্গা প্ৰতিমা নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ পুত্ৰৰ এই আগ্ৰহৰ বাবে পিতৃ মাতৃয়ে সহাঁৰি জনো্ৱাত স্বতঃস্ফূৰ্ত ভাবেই আয়নে গঢ়ি তোলে দেবী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷

এজন সুনিপুন খনিকৰৰ দৰেই দশভূজাৰ লগতে গণেশ, সৰস্বতী, কাৰ্তিক, লক্ষ্মী, সিংহ, ময়ুৰ, ৰাজহংস আদিৰ মৃন্ময় প্ৰতিমা গঢ় দিয়ে আয়নে।

আয়নে এইবাৰৰ দুৰ্গা পূজাৰ বাবে যোৱা ১৫ আগষ্টৰ পৰাই আৰম্ভ কৰে প্ৰতিমা নিৰ্মানৰ কাম৷ দুদিন পূৰ্বে এই মুৰ্তিত ৰং সনা কাম সমাপ্ত কৰি শনিবাৰে বস্ত্ৰ পৰিধান কৰাই প্ৰতিমাত৷ এতিয়া নিজ হাতে নিৰ্মিত প্ৰতিমাৰেই কিশোৰজনে নিজা বাসগৃহতে কৰিব দুৰ্গা পূজা৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.