অসমদুৰ্ঘটনাদৈনিক বাতৰি

ধুবুৰীত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

দূৰ্ঘটনাত এজন নিহত আৰু তিনিজনকৈ আৰক্ষীৰ লোক গুৰুত্বৰ ভাৱে আহত হয়

শনিবাৰে ধুবুৰীত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ৷

শনিবাৰে নিশা বগৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত WB 63 A /9912 নন্বৰৰ ব্ৰয়ইলাৰ ভৰ্ত্তি বলেৰো পিকাআপ ভেন এখনত পৰ্ব্বতঝোৰা মহকুমাৰৰ মহকুমা আৰক্ষী বিষয়াৰ AS 16 E 193  নন্বৰৰ এছকৰ্ট বাহন এখনে তীব্ৰ বেগে পিছফালে খুন্দা মাৰৰ ফলত ভয়ংকৰ পথ দূৰ্ঘটনা সংগঠিত হয়৷ দূৰ্ঘটনাত আৰক্ষীৰ বাহনৰ চালক বিজু বৰ্মন ঘটনাস্থলীত নিহত হোৱাৰ লগতে তিনিজনকৈ আৰক্ষীৰ লোক গুৰুত্বৰ ভাৱে আহত হয়৷

ইতিমধ্য দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত তিনিজন আৰক্ষীক উন্নত চিকিৎসাৰ বাৱে গুৱাহাটীলৈ প্ৰেৰন কৰে৷

এই ঘটনাক কেন্দ্ৰ কৰি আজি বগৰিবাৰীৰ মহামায়া ৰাষ্ট্ৰীয় ঘাই পথত বিভিন্ন দাৱীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.