অসম

সামাজিক মাধ্যমত ভাইৰেল হ‌’ল ছিপাঝাৰৰ নাগাৰা নামৰ শিল্পী কৰিস্মা নাথ ।

নিশাটোৰ ভিতৰতে ব্যাপক জনপ্রিয়তা লাভ

সম্প্ৰতি ভাৰ্চুৱেল মাধ্যম ফেচবুক ,ইনষ্টাগ্ৰাম,হোৱাটচাপকে ধৰি অন্যান্য মাধ্যমসমূহেৰে আজিকালি কিছুমান ভিডিঅ মুহুৰ্ততে ভাইৰেল হৈ পৰা পৰিলক্ষিত হয় আৰু সেইয়াই হৈ পৰে সপ্তাহটোৰ এক বিশেষ ট্ৰেণ্ড। আৰু এইবাৰ নিজৰ স্বকীয়
প্ৰতিভাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ছিপাঝাৰৰ কৰিস্মা নাথ আৰু তেওঁ পৰিবেশন কৰা নাগাৰা নামৰ এটি ভিডিঅ’।

নিশাটোৰ ভিতৰতে ব্যাপক জনপ্রিয়তা লাভ কৰিছে উদীয়মান নাগাৰা নামৰ শিল্পী গৰাকীয়ে। নাম পৰিৱেশন কৰি নাগাৰা নামৰ মাজত বেংপাৰ্টীৰ বাজনাত অভিনয় কৰি ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে ছিপাঝাৰৰ মিলিজুলি মহিলা নাগাৰা নাম দল আৰু লগতে শিল্পী কৰিশ্মা নাথ৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত বৃহস্পতিবাৰে নলবাৰীৰ উত্তৰ চেংনৈ গোপাল মন্দিৰৰ ৰাজহুৱা সভাত নাগাৰা নাম পৰিৱেশন কৰিব আহি ভাইৰেল সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই শিল্পী গৰাকীয়ে।

ইফালে, স্নাতক মহলাত নিজকে অধ্যয়নৰত বুলি জানিব দিয়ে শিল্পী কৰিশ্মা নাথে। আনহাতে, ছাত্রী গৰাকীৰ ভাইৰেল নাগাৰা নামক লৈ  কোনো লোকে বিৰূপ মন্তব্য নিদিবলৈ আহ্বান কৰে কৰিশ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.