অসম

প্ৰায়ে চৰ্চাত থাকে অসম! ২০২২ৰ কিছুমান চৰ্চিত বিষয় চাও আহক।

বৰ্ষাপাৰা ষ্টেডিয়ামৰ সাপৰ পৰা Sunsilk চেম্পুলৈকে ২০২২ত সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা কেইটামান বিষয় ঘূৰি চাও আহক

বৰ্ষাপাৰা ষ্টেডিয়ামৰ সাপৰ পৰা Sunsilk চেম্পুলৈকে ২০২২ত সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা কেইটামান বিষয় ঘূৰি চাও আহক

ক) বৰ্ষাপাৰা ষ্টেডিয়ামত হৈ থকা খেলৰ মাজতে ওলাইছিল সাপ- ২ অক্টোবৰত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি২০ খেলখন হৈ থকাৰ মাজতেই ওলাইছিল এডাল সাপ। অসমৰ এই আজৱ ঘটনাই সমগ্ৰ দেশকে আচৰিত কৰি তুলিছিল। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল এই বাতৰি। ২০২২ত অসমৰ চৰ্চিত বিষয় সমূহৰ ভিতৰত এই বিষয়টো অন্যতম।

খ)বিধায়ক ৰমাকান্ত দেউৰীৰ গান- এইটো বছৰতে বিধায়ক ৰমাকান্ত দেউৰীয়ে গোৱা এটা গানে সামাজিক মাধ্যমত খলকনি তুলিছিল।‘মানসী’ শীৰ্ষক গীতটি সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছিল।

গ)অভিনেত্ৰী হিমাক্ষী কলিতাৰ স্বয়ম্বৰ- জনপ্ৰিয় চেনেল ‘ৰেঙনি’ত অভিনেত্ৰী হিমাক্ষী কলিতাৰ স্বয়ম্বৰ অনুষ্ঠানটিও চৰ্চাৰ বিষয় হৈ পৰিছিল। অভিনেত্ৰী গৰাকীয়ে বহু ট্ৰ’লৰ সন্মুখীনো হ’ব লগীয়া হৈছিল এই অনুষ্ঠানৰ কাৰণে।

ঘ) অভিনেতা নয়ন নীলিম আৰু শ্যামন্তিকা শৰ্মাৰ মুখামুখি- সামাজিক মাধ্যমত একাংশই অভিনেতা নয়ন নীলিম আৰু শ্যামন্তিকা শৰ্মাৰ কিছুমান পূৰণা ফটো ভাইৰেল কৰিছিল। যাৰ পৰিপেক্ষিতত তেওঁলোক দুয়োজনেই বহুবছৰৰ মূৰত মুখামুখি হৈছিল। আৰু সেই নিদিৰ্ষ্ট অনুষ্ঠানৰ কিছু কিছু মুহূৰ্তই সামাজিক মাধ্যমত খলকনি তুলিছিল।

ঙ) Sunsilk চেম্পু- বছৰটোৰ শেষৰফালে গোটেই অসম কঁপাইছিল Sunsilk চেম্পুৱে। এখন বিয়াক কেন্দ্ৰক কৰি চৰ্চাত আহিছিল Sunsilk চেম্পু। উল্লেখ্য জোৰোণত মনপছন্দৰ বস্তু নিদিয়াৰ বাবে কইনাই অভিযোগ দিছিল দৰাক। আৰু দৰায়ে ভাঙি দিছিল এই বিয়া।

আজৱ অসমত ২০২২ত ঘটিছিল আৰু আজৱ ঘটনা এয়া মাত্ৰ কেইটামান বিষয়হে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.