অসমদৈনিক বাতৰি

হিংসাজৰ্জৰ মণিপুৰ! মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ সম্ভাৱনা

হিংসাজৰ্জৰ মণিপুৰ! মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ সম্ভাৱনা

হিংসাজৰ্জৰ মণিপুৰ! হিংসাজৰ্জৰ পৰিস্থিতিৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ সম্ভাৱনা। নতুন দিল্লীৰ পৰা উভতি আহি ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীগৰাকীৰ।

তথ্য অনুসৰি, ৰাজ্যপাল অনুসূয়া উইকেৰ সাক্ষাৎ বিচাৰিছে মুখ্যমন্ত্ৰী সিঙে। দুপৰীয়া ১ বজাত ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ।

মণিপুৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰীৰে ফোনযোগে আলোচনা হৈছিল ৰাজ্যপালৰ। ইপিনে, মুখ্যমন্ত্ৰীক পদত্যাগৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় নেতৃত্বই। কেন্দ্ৰই শীঘ্ৰেই নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.