অসমআঞ্চলিক

অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

মাজুলীত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ পানী

বন্ধ হ’ল মাজুলী-নিমাতীৰ ফেৰী সেৱা। ফেৰী চলাচল বন্ধ হোৱাত ফেৰী ঘাটত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে ফেৰীৰ চলাচল ব্যৱস্থা। পূৰ্বে আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়ত ফেৰী সেৱাও বন্ধ কৰি ৰখা হৈছিল।

১৮ আগষ্টৰ পৰা পুনৰ লুইতৰ বুকুৰে ফেৰীৰ চলাচল আৰম্ভ হৈছিল যদিও এতিয়া ব্ৰহ্মপুত্ৰৰ নদীৰ পানী বিপদসীমাৰ ৯৮ ছে.মি. ওপৰেদি বৈছে, যাৰবাবে শুকুৰবাৰৰ পৰা পুনৰ বন্ধ কৰা হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ।

আনহাতে, হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়ো পাৰৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ফেৰী ঘাটৰ পৰাই উভতিবলগীয়া হৈছে শ-শ যাত্রী। অচল ফেৰী সেৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ লোক আৰু শিক্ষাৰ্থী।

ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ সময়ত নদীৰ বুকুৰে ফেৰী চলাচল কৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাজুলী জিলা প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.