অসমআঞ্চলিকদৈনিক বাতৰিধৰ্মীয়

শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য

অতি দুখময়, কণ্টকময়, কষ্টকৰ জীৱন পাৰ কৰা মহাপুৰুষ মাধৱদেৱে এসময়ত পেটৰ তাড়নাত ভিক্ষা বৃত্তিও গ্ৰহণ কৰিছিল

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১৪৮৯ চনত নাৰায়ণপুৰত জন্ম গ্ৰহণ কৰা গুৰুজনাই ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত মৃত্যুক সাৱটি লয়।

অতি দুখময়, কণ্টকময়, কষ্টকৰ জীৱন পাৰ কৰা মহাপুৰুষ মাধৱদেৱে এসময়ত পেটৰ তাড়নাত ভিক্ষা বৃত্তিও গ্ৰহণ কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ গুৰুসেৱা আছিল নিস্বাৰ্থ, অক্লান্ত,। ত্যাগৰ মহিমাৰে উদ্ভাসিত হৈ গুৰুজনাৰ ছত্ৰ-ছায়াতে জিৰাই মানৱ-সেৱাৰ অৰ্থে গোটেই জীৱন একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে উছৰ্গা কৰিছিল মহাপুৰুষ মাধৱদেৱে।

মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰা গুৰুজনাৰ অপূৰ্ব সৃষ্টি আছিল ‘নামঘোষা’ আৰু ‘ভক্তিৰত্নাৱলী’। সাহিত্য-সংস্কৃতিৰ পূজাৰী মাধৱদেৱৰ জীৱনৰ অপূৰ্ব সৃষ্টি হ’ল-নামঘোষা। নামঘোষাত এহেজাৰটা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ জীৱন কালত একাধিক বৰগীত, ভটিমা, ঝুমুৰা আদি ৰচনা কৰিছিল। তেওঁ জীৱনকালত সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত মাক সুস্থ হৈ উঠিলে দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিছিল। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনী জোঁৱায়েকক কৈছিল, তেতিয়া ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি-বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। সেইসময়ত ভনীজোঁৱায়েকে মাধৱদেৱক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে।

ভনীজোঁৱায়েকৰ কথামতেই মাধৱদেৱে, শংকৰদেৱৰ ওচৰলৈ গৈ যুক্তি-তৰ্ক আৰম্ভ কৰে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা লয়।  শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চন সংযোগ বুলি জনা যায়।

এইগৰাকী মহাপুৰুষৰ আজি ৪২৫ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ-নামঘৰ। ভক্তিৰসত বিলীন হৈ পৰিছে ভকত-বৈষ্ণৱ। বিগত বৰ্ষৰ দৰেই ক’ভিড প্ৰট’কল মানি গুৰুজনাৰ স্মৃতিতিথিত সুঁৱৰিছে সকলোৱে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button