অসমআঞ্চলিকজন্তু

আপুনিও গাহৰি খায় নেকি! তেন্তে আজিৰ পৰা সাৱধান হওক আপুনিও!

গাহৰি খালে আপুনিও আক্রান্ত হ'ব পাৰে "আৰ্ফিকান ছোৱাইন ফিভাৰ"ত।

গাহৰি খোৱা সকল সাৱধান! গাহৰি খালে আপুনিও আক্রান্ত হ’ব পাৰে “আৰ্ফিকান ছোৱাইন ফিভাৰ”ত। এটি পৰিয়ালৰ সপোনত চেঁচা পানী পৰিল। দিম্পী সোণোৱাল নামৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে কলেজিয়া শিক্ষা সমাপ্ত কৰি চাকৰিৰ আশা নকৰি স্কলাৰস্বিপৰ টকা আৰু পৰিয়ালৰ সহযোগত ঘৰতে উন্নত জাতৰ গাহৰি পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছিল। কিন্তু দুৰ্ভ্যাগবশত যোৱা ১৫ দিনৰ পূৰ্বে মাতৃ পোৱালী সহ প্রায় ২৫ৰো অধিক গাহৰি মৃত্যু মুখত পৰিছে। পিছত দিম্পীৰ পৰিয়ালে পশু চিকিৎসকৰ সহায় বিচাৰে।

 

পশু চিকিৎসকৰ দল আহি মৃত্যু হোৱা গাহৰিৰ নমুনা সংগ্রহ কৰি গুৱাহাটীৰ খানাপাৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাৰ পিছতে পোহৰলৈ আহে গাহৰি সমূহ মাৰাত্মক ৰোগ “আফ্রিকান ছোৱাইন ফিভাৰ” ৰোগত আক্ৰান্ত হোৱাৰ কথা। আৰু সেইবাবেই দিম্পী সোণোৱালৰ ফাৰ্মত থকা ১১ টা মাইকী গাহৰিৰ লগতে ৬২টা গাহৰি পোৱালি আৰক্ষী প্রশাসনৰ উপস্থিতিত পশু চিকিৎসা বিভাগে তিনিচুকীয়া জিলা উপায়ুক্তৰ নিৰ্দেশত বৈদ্যুতিক ছক দি মাৰি পেলায়।

 

মাৰাত্মক ৰোগত আক্রান্ত হৈ গাহৰি মৃত্যু মুখত পৰাত প্রশাসনৰ লোকে প্রায় ১ কিলোমিটাৰ ব্যাসার্ধ এলেকাত গাহৰি কটা, পোহা এমাহৰ বাবে নিষিদ্ধ কৰিছে। আনফালে প্রশাসনৰ লোকে দিম্পীৰ পৰিয়ালটিক গাহৰি সমূহৰ বাবদ সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰিব বুলি প্রতিশ্রুতি দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.