ধৰ্মীয়

জঁটাধাৰী মহাদেৱৰ আৰাধনা মাহ-পবিত্ৰ শাওণ, এই মাহত কিয় পালন কৰা হয় ব্ৰত?

হিন্দু শাস্ত্ৰৰ মতে, এই মাহ জঁটাধাৰী মহাদেৱৰ মাহ

এতিয়া পবিত্ৰ শাওণ মাহ। অসমীয়াৰ সমাজত হাল ধৰাৰ সময়। শাওণ মাহত খেতিৰ ভৰ-পক। পথাৰখন শ্যামলী হোৱাৰ সময়তে এই মাহটোক শিৱৰ আৰাধনা কৰা লোকসকলে পবিত্ৰ বুলি গণ্য কৰে। কিয়নো, হিন্দু শাস্ত্ৰৰ মতে, এই মাহ জঁটাধাৰী মহাদেৱৰ মাহ।

শাওণ মাহ যথেষ্ট পবিত্ৰ। এই মাহত শিৱৰ ভক্তগণে গোটেই মাহ শিৱক আৰাধনা কৰাৰ লগতে প্ৰতি সোমবাৰে পালন কৰে ব্ৰত। শাওণত শিৱ মন্দিৰ, দৌল-দেৱালয়ত দেখা যায় অগণন ভক্তৰ ভিৰ। আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে ভক্তগণে শিৱক তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে। শাওণৰ প্ৰতিটো সোমবাৰে শিৱক পূজা কৰাসকলে ব্ৰত পালন কৰে।

পবিত্ৰ শাওণত কিয় ব্ৰত পালন কৰা হয়-
১) শাওণত ব্ৰত পালন কৰি শিৱক আৰাধনা কৰা হয়। ব্ৰত ৰাখিলে দেহৰ আভ্যন্তৰ পৰিষ্কাৰ হয়।

২) ব্ৰত ৰাখিলে আধ্যাত্মিক শান্তি আৰু শক্তি পোৱা যায়।

৩)ব্ৰত ৰখা মানে ঈশ্বৰৰ পৰা কিবা এটা আশা কৰা নহয়, শৰীৰ আৰু আত্মা শুদ্ধ কৰাহে।

৪)ব্ৰত ৰাখিলে ধনাত্মক শক্তি আহৰণ কৰে। যিয়ে আমাক ধনাত্মক চিন্তা-ধাৰাৰে জীৱন অতিবাহিত কৰাত সহায় কৰে।

৫)ব্ৰত ৰখাৰ সময়ত লঘু আহাৰ(বুট-মগু, ফল-মূল) আৰু পানী সেৱনে শৰীৰ শোধন কৰে।

৬)ব্ৰত ৰাখিলে মন্দিৰলৈ গৈ ধূপ-ধূনা দি ঈশ্বৰক প্ৰাৰ্থনা কৰাতকৈ ঘৰতে ধূপ-ধূনা জ্বলাই আৰাধনা কৰিলেও ঈশ্বৰ সন্তুষ্ট হয়। গীতাত লিখা আছে যে, শুদ্ধ মনেৰে ধূপ এডাল দিলেও ঈশ্বৰ সন্তুষ্ট হয় আৰু আনক দুখ-কষ্ট দি মন্দিৰত গৈ পূজা কৰিলেও ভগৱান সন্তুষ্ট নহয়।

শাওণ মাহত ভগৱান শিৱক যদিও প্ৰত্যেক বছৰে শিৱ মন্দিৰ, দৌল-দেৱালয়ত গৈ প্ৰাৰ্থনা কৰে। এইবাৰ যেন সুকীয়া পৰিৱেশ। ক’ভিডৰ বাবে কিছু সেৰেঙা ভক্তৰ ভিৰ। তথাপি আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে সকলোৱে শুদ্ধ চিন্তে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। সদাশিৱই আশীৰ্বাদ দিয়ক সকলোকে। পৃথিৱীত শান্তি বিৰাজ কৰাত সহায় কৰক মহাদেৱে। ঔম নমঃ শিৱায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 5 =

Back to top button