অসমবিশ্বশিল্পীসংগীতসংস্কৃতিসাহিত্য

হিমা দাসৰ আবেগিক চিঠি

চিঠিৰ জড়িয়তে দুখ প্ৰকাশ কৰিলে হিমা দাসে

জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ মাজত হিমা দাস অন্যতম। অলিম্পিকত ‘মন যায়’ শীৰ্ষক বাক্যশাৰীৰ জড়িয়তে জুবিন গাৰ্গক তেওঁ কিমান ভাল পায় সেই কথা প্ৰমাণ কৰি দেখুৱাইছিল। জুবিন গাৰ্গৰ দৰেই নিৰ্ভিক আৰু স্পষ্টবাদী হʼবলৈ শিকিছিল হিমা দাসে।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগীয়ে হিয়া ধাকুৰি কান্দিছে। কোনোজনে সামাজিক মাধ্যমত লিখিছে মনৰ আবেগিক কথা। হিমা দাসেও সামাজিক মাধ্যমত এখন চিঠিৰ জড়িয়তে নিজৰ আবেগিক মনৰ কথাবোৰ ব্যক্ত কৰে ।

চিঠিখন হিমা দাসে লিখিছে – “সেইদিনা হঠাৎ ফোন কল এটা আহিল। ফোনটো ৰিচিভ কৰি মই কিবা কোৱাৰ আগতেই সেইফালৰ পৰা তিনিটা শব্দ ভাঁহি আহিল। যিকেইটা শব্দ মই এই জীৱনত জীয়াই থকা পর্যন্ত শুনিম বুলি না ভাবিছিলো না কল্পনা কৰিছিলো।

দাদা, ক’ত গলি তই? মোৰ নামৰ আগত কাৰ গানৰ কথা কম মই? যেতিয়াই ‘মন যায়’ তেতিয়াই কাক ফোন কৰি লগ কৰাৰ কথা কম মই? আৰু লগ পাই তই পিন্ধি থকা কাপোৰযোৰ যদি মোৰ ভাল লাগে, কাৰ পৰা খোলকাই আনিম মই?

দাদা, মোক নিজকে বহুত পাগল পাগল যেন লাগিছে অ’। এনেকুরা লাগিছে যেন পলকতে সকলো শেষ হৈ গ’ল, সকলোবোৰ স্তব্ধ হৈ গ’ল। আৰু মোৰ কাষৰ পৰা এটা ছাঁ গুচি গ’ল।

এতিয়াও ধৰিব পৰা নাই কি কৰো, কাক কেনেকৈ বুজাও যে তই মোৰ কাৰণে কি আছিলি? তোক যেতিয়া লগ পাইছিলো, তেতিয়াৰ পৰা তই মোৰ বাবে জীৱন্ত ভগৱান আছিলি। পইচা চুবলৈ শিকাইছিলি তই, জীরন জীয়াবলৈ শিকাইছিলি তই। শুনছোন, এতিয়া তই নাই বুলি কেনেকৈ মানি লও ক’। তোক সেইদিনা শেষবাৰৰ বাবে লগ কৰিব যাওতে wardrobeটো খুলি চালো কি পিন্ধো বুলি, দেখিলো তাৰে ভিতৰত চোন আধা তোৰেই কাপোৰ। শোকত বুকুখন খুন্দা মাৰি গল। দাদা শুনিছনে তই। বহুত কষ্ট পাইছো অ’।

দহটা দিন কেনেকৈ পাৰ কৰিলো নাজানো। আজিহে সাহস কৰিছো তোলৈ কিবা লিখো বুলি। তই কতো যাব নোৱাৰ দাদা। তোক সদায় জীয়াই ৰাখিম মোৰ মাজত। মই ভাগৰি নপৰো, তোক কথা দিছো। তোক ন্যায় দিহে মৰিম।

দাদা, শেষত..

তই কোৱা সকলো কথা মনত ৰাখি আগবাঢ়ি যাম। আমাৰ শেষৰ সেই convertation টোত তই যে ফটোকপি পঠিয়াইছিলি, তেনেকৈয়ে সদায় আশীর্বাদ কৰি থাকিবি। যতেই আছ’ তাৰ পৰা যি কোনো প্ৰকাৰে হলেও সাহস দিবি, মৰম দিবি। তোৰ লগত পাৰ কৰা সকলোবোৰ মূহুৰ্তৰ স্মৃতিবোৰ মই সদায় বুকুত সাবটি ৰাখিম। তই যতেই আছ, যেনেকৈ আছ, ভালকৈ থাকিবি। নহলে জানই নহয় মোক, মই কেনেকুৱা ‘মন যায়’ বুলি গুছি যাম তোৰ ওচৰলৈ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.