অপৰাধঅসম

অমানৱীয়! পাষাণ স্বামী-স্ত্ৰীৰ কাজিয়াই প্ৰাণ ল’লে দেৱশিশুৰ।

যোৰহাটৰ ভোগদৈ থানাৰ অন্তৰ্গত চেঙেলী গাঁৱৰ এক হৃদয়বিদাৰক ঘটনা।

যোৰহাটৰ ভোগদৈ থানাৰ অন্তৰ্গত চেঙেলী গাঁৱৰ এক হৃদয়বিদাৰক ঘটনা। স্বামী-স্ত্ৰীৰ কাজিয়াৰ এক ভয়ংকৰ পৰিণতি। পংকজ ডেকা আৰু বৰ্ণালী ডেকা নামৰ পতি পত্নীৰ কাজিয়াত প্ৰাণ গ’ল এমহীয়া কণ্যা শিশুৰ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি স্বামী পংকজ ডেকাই সুৰাপান কৰি পত্নীক প্ৰহাৰ কৰাৰ লগতে নবজাতক শিশুটিকো সুৰাৰ ৰাগীত আক্ৰমণ কৰে। এই ঘটনাৰ পিছত গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত শিশুটিক যোৰহাট মেডিকেল কলেজলৈ নিয়া হয় যদিও শিশুটিয়ে অকাল মৃত্যুক সাৱটি লয়৷

উল্লেখ্য যে এই ঘটনাৰ পিছত পাষাণ স্বামী-স্ত্ৰীয়ে ঘৰৰ সমীপতে পুতি থয় সন্তানটিক। এই ঘটনাৰ পিছতে এতিয়া দুই স্বামী-স্ত্ৰীক আটক কৰে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.