অসম

গুৱাহাটীৰ GNRC ত হাৰ্টৰ অষ্ট্ৰোপ্ৰচাৰ কৰি বাক শক্তি হেৰুৱালে এগৰাকী মহিলাই

গুৱাহাটীৰ GNRC ত হাৰ্টৰ অষ্ট্ৰোপ্ৰচাৰ কৰি বাক শক্তি হেৰুৱালে এগৰাকী মহিলাই। ভুক্তভোগী মহিলা গৰাকী গোলাঘাট জিলাৰ বৰপথাৰ সৰুলাংঠাৰ পুনি বৰা।

GNRC ত হাৰ্টৰ চিকিৎসাৰ বাবে ভৰ্তি হৈছিল পুনি বৰা। হাৰ্টৰ অষ্ট্ৰোপ্ৰচাৰ কৰি কিছুদিন ৰখাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে মহিলা গৰাকীক ঘৰলৈ লৈ আনে পৰিয়ালটোৱে। কিন্তু ঘৰত আহি কিছুদিন থকাৰ পিছতে মহিলা গৰাকীৰ অষ্ট্ৰোপ্ৰচাৰ কৰা ঠাই ডোখৰ পকিবলৈ ধৰে। চিকিৎসকৰ পৰামৰ্শ মতে দ্বিতীয় বাৰৰ বাবে GNRC ত ভৰ্তি কৰোৱা হয় পুনি বৰাক। দিনহাজিৰা কৰি পৰিয়াল চলোৱা দুৰ্ভগীয়া পুনি বৰাক বিপদে লগ নেৰিলে। দ্বিতীয় বাৰৰ বাবে GNRCত চিকিৎসা কৰি আহি ঘৰত কিছুদিন থাকোতেই মুখৰ মাত হেৰুৱালে পুনি বৰাই।

GNRC ৰ চিকিৎসকে পলম নকৰি ততাতয়াকৈ মাতি পঠিয়াই যদিও দুবাৰকৈ চিকিৎসা কৰি সৰ্বস্যান্ত হোৱা পৰিয়ালটো এতিয়া অসহায় হৈ পৰিছে। অটল অমৃত কাৰ্ড থকাৰ পিছতো মহিলা গৰাকীৰ ঔষধ আদি নিজৰ পইচাৰে ক্ৰয় কৰিব লগা হৈছিল। অৰ্থৰ অভাৱত মহিলা গৰাকীক চিকিৎসাৰ বাবে GNRC লৈ নিব পৰা নাই পৰিয়ালটোৱে।

এতিয়া প্ৰশ্ন হয় যে, কাৰ ভূলৰ বাবে এইগৰাকী মহিলাই মুখৰ মাত হেৰুৱাব লগীয়া হ’ল। সংবাদ মাধ্যমৰ যোগেদি দুৰ্ভগীয়া পৰিয়ালটোৱে পুনিৰ চিকিৎসাৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.