অষ্ট্ৰেলিয়াবিশ্ব

অষ্ট্ৰেলিয়াই ভাৰতৰ পৰা বিচাৰিছে ৫,০০০ লিটাৰ বিহ. কিন্তু কিয়?

অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল ৰাজ্য নিউ চাউথ ৱেলছৰ চৰকাৰে এতিয়া ভাৰতৰ পৰা ৫,০০০ লিটাৰ ব্ৰোমাডিঅ’লোন নামৰ বিহ আমদানি কৰাৰ সিদ্ধান্ত লৈছে।

হঠাৎ বাঢ়িছে অষ্ট্ৰেলিয়াত নিগণিৰ প্ৰাৰ্দুভাৱ। নিগনিৰ বৃদ্ধিয়ে বেমাৰৰ লগতে খেতি পথাৰো নষ্ট কৰিছে দেশখনত। যাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে ব্ৰোমাডিঅ’লোন নামৰ নিগনি মৰাৰ ঔষধ ভাৰতৰ পৰা আমদানি কৰাৰ সিদ্ধান্ত লৈছে। দেশখনৰ প্ৰশাসনে এনেধৰণৰ নিগনিৰ প্ৰাৰ্দুভাৱক সম্পূৰ্ণ অসাধাৰণ বুলি অভিহিত কৰিছে।

চাউথ ৱেলছৰ গ্ৰাম্য কৃষকে কয় যে, কেৱল তেওঁলোকৰ শস্যই নহয়,  ঘৰবোৰো নিগণিৰ পৰা সাৰি যাব পৰা নাই। লোকসকল নিগণিৰ পৰা হোৱা ৰোগৰ সংক্ৰমণৰ দ্বাৰা বিপদাপন্ন হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই অষ্ট্ৰেলিয়াৰ হাস্পতাল আৰু হোটেল সমূহত নিগিণিৰ সংখ্যাৰ বৃদ্ধিৰ ফলত বহুতো ৰোগৰো আৱিৰ্ভাৱ হৈছে।

সেইবাবে দেশখনৰ চৰকাৰে এতিয়া যিকোনো প্ৰকাৰে নিগনি সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ যুদ্ধ গতিৰে প্ৰস্তুতি চলাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.