Socialৰাজস্থান

পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে আদালতে কয়দীক দিলে ১৫ দিনৰ ছুটী…

উল্লেখ্য যে, তেখেতৰ পত্নীয়ে তেওঁৰ 'সন্তানৰ অধিকাৰ'ৰ দাবী কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

পত্নীক অন্তঃসত্বা কৰিবলৈ আদালতে কাৰাগাৰৰ কয়দীক দিলে ছুটী। পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবৰ বাবেই কয়দীক আদালতে দিলে ১৫ দিনৰ ছুটী। এই আচহুৱা ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

 

ৰাজস্থান উচ্চ ন্যায়ালয়ে এজন কাৰাবন্দীক সাময়িকভাৱে অব্যাহতি প্ৰদান কৰে। নিজৰ পত্নীক গৰ্ভৱতী কৰিবৰ বাবেই আদালতে লোকজনক ঘৰলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰে। উল্লেখ্য যে, তেখেতৰ পত্নীয়ে তেওঁৰ ‘সন্তানৰ অধিকাৰ’ দাবী কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাৰ পাছতেই আদালতে লোকজনক ১৫ দিনৰ বাবে ঘৰলৈ যাবলৈ অনুমতি দিয়ে।

 

এগৰাকী মহিলাই নিজৰ সন্তান জন্ম দিয়াৰ অধিকাৰৰ বিষয়ে উপলব্ধি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে আদালতে। ৩৪ বছৰীয়া নন্দলাল নামৰ লোকজনক পত্নীক গৰ্ভৱতী কৰোৱাৰ বাবে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.