Socialঅসমঅসম আৰক্ষী

ম্লান পৰিল ৰঙালীৰ উছাহ, বিহুতলীৰ পৰা উভতাৰ পথতেই কিশোৰীক ধৰ্ষণ…

মানুহ বিহুৰ দিনাই সংঘটিত হোৱা এই ঘটনা পোহৰলৈ আহে সোমবাৰে। অতি দৰিদ্ৰ পৰিয়ালটোৱে অভিযুক্ত উপেন দাসৰ বিৰুদ্ধে ঢকুৱাখনা থানাত এখন এজাহাৰ দাখিল কৰে যদিও ঢকুৱাখনা আৰক্ষীয়ে এতিয়ালৈকে উপেন দাসক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই

ম্লান পৰিল ৰঙালীৰ ৰং। ৰাজ্যৰ চৌদিশে ৰঙালীৰ উছাহ, পিছে ৰঙালীৰ উছাহৰ মাজতেই এক জঘন্য কাণ্ডই জোকাৰি গ’ল ঢকুৱাখনা। বিহুতলীৰ পৰা উভতাৰ পথত মুখত সোপা দি এগৰাকী কিশোৰীক ধৰ্ষণ কৰিলে লম্পট যুৱকে।

 

এই জঘন্য কাণ্ড সংঘটিত হৈছে ঢকুৱাখনাৰ সুঁতিমুখ গাঁৱত। মানুহ বিহুৰ দিনাই সংঘটিত হৈছিল এই নিৰ্লজ্জ কাণ্ড। উপেন দাস নামৰ ২৫ বছৰীয়া লম্পটে একে গাঁৱৰে নৱম শ্ৰেণীত অধ্যয়নৰত এজনী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক ধৰ্ষণ কৰে। নিশা প্ৰায় ৮ বজাত হুঁচৰি মৰা স্থানৰ পৰা ঘৰলৈ উভতাৰ সময়তে বৰষুণৰ সুযোগ লৈ দুৰ্ভগীয়া ছোৱালীজনীক ধৰ্ষণ কৰে উপেন দাসে।

 

পিছে মানুহ বিহুৰ দিনাই সংঘটিত হোৱা এই ঘটনা পোহৰলৈ আহে সোমবাৰে। অতি দৰিদ্ৰ পৰিয়ালটোৱে অভিযুক্ত উপেন দাসৰ বিৰুদ্ধে ঢকুৱাখনা থানাত এখন এজাহাৰ দাখিল কৰে যদিও ঢকুৱাখনা আৰক্ষীয়ে এতিয়ালৈকে উপেন দাসক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। ইফালে লম্পট উপেন দাসৰ পৰিয়ালৰ একাংশ লোকে এই সমগ্ৰ ঘটনাটো গাপ দি দৰিদ্ৰ পৰিয়ালটোৰ সৈতে মিলা-মিছা কৰাৰ চেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিছে।

 

এই কথা পোহৰলৈ অহাৰ পিছতেই ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাকে ধৰি ঢকুৱাখনা জিলা মহিলা সমিতিয়ে দোষীক ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.