খেল

আইপিএলত অঘটন, দিল্লী কেপিটেলছৰ খেলুৱৈৰ দেহত ধৰা পৰিল ক’ভিডৰ উপস্থিতি…

উল্লেখ্য যে, কিছুদিন পূৰ্বে খেলুৱৈ পেট্ৰিক ফাৰ্হাৰ্টৰ দেহতো পোৱা গৈছিল ক'ভিডৰ উপস্থিতি।

আইপিএলত অঘটন। দিল্লী কেপিটেলছৰ খেলুৱৈৰ দেহত ধৰা পৰিছে ক’ভিড-১৯। সোমবাৰে পুৱা কৰোনা ভাইৰাছৰ ৰেপিড এণ্টিজেন টেষ্টৰ সময়ত এজন ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে ক’ভিডৰ ভাইৰাছ। খেলুৱৈজনৰ কিছু পৰিমাণে জ্বৰ আৰু মূৰৰ বিষ আছিল।

 

তথ্য অনুসৰি, সোমবাৰে ক’ভিড-১৯ৰ ভাইৰাছ ধৰা পৰা খেলুৱৈজন হৈছে অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ মিটচেল মাৰ্ছ। যদিও প্ৰথমতে মিটচেল মাৰ্ছৰ RTPCR ৰিপ’ৰ্ট নিগেটিভ আহিছিল, তথাপি দ্বিতীয় RTPCR পৰীক্ষাত পজিটিভ আহে খেলুৱৈজনৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে খেলুৱৈ পেট্ৰিক ফাৰ্হাৰ্টৰ দেহতো পোৱা গৈছিল ক’ভিডৰ উপস্থিতি।

 

বুধবাৰে, পুনেত পাঞ্জাৱ কিংছৰ সৈতে অনুষ্ঠিত হ’বলগীয়া দিল্লী কেপিটেলছৰ খেলখনৰ বাবে ইতিমধ্যে ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.