অপৰাধভাৰত

চিজ(Cheese)ৰ টুকুৰা ডাঙৰ হোৱা বুলি কোৱা বাবেই বন্ধুৱে চুৰিৰে কৰিলে ঘাটক আক্ৰমণ!

চিজ(Cheese) কটাক লৈ দুই বন্ধুৰ মাজত প্ৰথমে তৰ্কযুদ্ধ, তাৰ পাছত প্ৰাণ লোৱাৰ চেষ্টা।

চিজ(Cheese) কটাক লৈ দুই বন্ধুৰ মাজত প্ৰথমে তৰ্কযুদ্ধ, তাৰ পাছত প্ৰাণ লোৱাৰ চেষ্টা।

গুৰুগ্রামৰ এখন ৰেষ্টোৰেণ্টত সংঘটিত হৈছে এই ঘটনা। ৰেষ্টোৰেণ্টখনত কাম কৰা দুই যুৱকৰ মাজত এটুকুৰ চিজ (Cheese) কটাক কেন্দ্ৰ কৰি এখন কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়া ইমানে বাঢ়ি যায় যে এজন বন্ধুৱে আন জনৰ পেটত চিজ কটা চুৰিখন আন জনৰ পেটত ভৰাই হত্যাৰ চেষ্টা কৰে।

তথ্য অনুসৰি সৌৰভ নামৰ যুৱক জনে গুৰুগ্ৰামৰ এখন ফাষ্টফুডৰ ৰেষ্টোৰেন্টত বহুদিন‌ ধৰি কাম কৰি আছিল, আৰু সেই ৰেষ্টোৰেন্টখনতে বিষ্ণু নামৰ আন এজন যুৱকে সহকাৰী হিচাপে কাম কৰিছিল, দুয়োজনৰ মাজতে আছিল ভাল বন্ধুত্ব কিন্তু এটা সৰু কথাৰ বাবে কথা গৈ ইমান দূৰ পায় যে এজনে আনজনৰ প্ৰাণ ল’বলৈও সংকোচ নকৰে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি আঘাটপ্ৰাপ্ত যুৱকজন বৰ্তমান বিপদমুক্ত।

আৰক্ষীয়ে লোৱা ষ্টেটমেণ্টত সৌৰভ নামৰ যুৱক জনে কয় যে, ‘এনে এক ঘটনা সংঘটিত হ’ব বুলি মই পূৰ্বতে অলপো আভাস পোৱা নাছিলো। মোৰ বন্ধু বিষ্ণুয়ে খাদ্য প্ৰস্তুত কৰিবৰ বাবে চিছ কাটি আছিল, মই দেখা পালোঁ যে সি চিছ বোৰ জোখত কৈ ডাঙৰ কৈ কাটি আছিল, সেয়ে মই তাক সৰুকৈ কৰিবৰ বাবে কোৱাত হঠাৎ খং কৰি সি মোৰ ওপৰত জপিয়াই পৰিল আৰু চিজ(cheese) কটা চুৰিখনেৰে মোৰ পেটত ঘপিয়াই দিলে। লগে লগে মই ঢলি পৰিলোঁ।

তথ্য অনুসৰি, বিষ্ণু নামৰ আক্ৰমণকৰীজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.